ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ পঞ্চম পর্যায় আৰম্ভ হৈছে দেশত। কেন্দ্রৰ ফালৰ পৰা এই পর্যায়ক ‘আনলক-১’ নাম দিয়া হৈছে। এই পর্যায়ৰ আৰম্ভণিতে সোমবাৰে কেন্দ্রীয় মন্ত্ৰীসভাৰ নিৰাপত্তা আৰু অর্থনৈতিক বিষয়ক কমিটিৰ সৈতে বৈঠকত মিলিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী। বৈঠকৰ পিছত সাংবাদিকদৰ আগত চৰকাৰৰ সিদ্ধান্তৰ বিষয়ে জনাযে কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং তোমৰে।
কৃষকসকলৰ সুবিধাৰ বাবে ন্যূনতম সহায়ক মূল্য বঢ়োৱাৰ সিদ্ধান্ত লৈছে কেন্দ্রৰ নৰেন্দ্র মোদী চৰকাৰে। ইয়াৰ উপৰি কৃষি ঋণত অধিক ৰেহাই দিয়াৰ কথাও ঘোষণা কৰে কেন্দ্রই।
সংবাদ মেলত নৰেন্দ্র সিং তোমৰে কয়, কৃষকসকলে যাতে তেওঁলোকৰ পৰিশ্রমৰ মূল্য পায়, সেই দিশত দৃষ্টি আছে চৰকাৰৰ। সেয়ে কৃষিত ন্যূনতম সহায়ক মূল্য বৃদ্ধি কৰা হৈছে। মন্ত্ৰীসভাই এই বিষয়ত অনুমোদন দিছে। ইয়াৰ ফলত ১৪বিধ ফচলত ৫০ শতাংশৰ পৰা ৮৩ শতাংশ পর্যন্ত বেছি লাভ পাব কৃষকসকলে।
বীজ ৰোপণৰ পৰা ফচল চপোৱালৈ কৃষকসকলৰ যিমান খৰচ হয় সেয়া হিচাব কৰিয়েই এই ন্যূনতম সহায়ক মূল্য বৃদ্ধি কৰা হৈছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে। ইতিমধ্যেই চৰকাৰে কৃষকৰ পৰা ফচল কিনা আৰম্ভ কৰিছে বুলিও তেওঁ জনায়। ৩৬০ লাখ মেট্রিক টন গম, ৯৫ লাখ মেট্রিক টন ধান আৰু ১৬.০৭ লাখ মেট্রিক টন দাইল আৰু তিল ইতিমধ্যেই কিনা হৈ গৈছে।
আনহাতে, চৰকাৰে ন্যূনতম সহায়ক মূল্য বৃদ্ধিৰ সিদ্ধান্তৰ ফলত ধানৰ ক্ষেত্রত কুইন্টল প্রতি ন্যূনতম সহায়ক মূল্য ৫০ শতাংশ বাঢ়ি ১৮৬৮ টকা হৈছে। গমৰ ক্ষেত্রত কুইন্টল প্রতি ন্যূনতম সহায়ক মূল্য ৫০ শতাংশ বাঢ়ি হৈছে ২৬২০ টকা। একেদৰে অন্যান্য ফচলৰ ক্ষেত্ৰতো এই মূল্য ৫০ৰ পৰা ৮৩ শতাংশ পৰ্যন্ত বৃদ্ধি কৰা হৈছে।
ইয়াৰ উপৰি ৰেহাই দিয়া হৈছে কৃষিঋণত। নৰেন্দ্র তোমৰে কয়, বেঙ্কৰ পৰা কৃষি ঋণ লোৱাৰ সময়ত সাধাৰণতে ৯ শতাংশ সুদ দিবলগা হয়। কিন্তু কেন্দ্রই তাত ২ শতাংশ ছাবচিডি দিয়ে। ফলত ইমান দিনে কৃষকসকলে ৭ শতাংশ সুদ দি আহিছে। কিন্তু আজিৰ বৈঠকত সিদ্ধান্ত হৈছে, কোনো কৃষকে যদি নির্ধাৰিত সময়ত টকা বেঙ্কক পৰিশোধ কৰিব পাৰে, তেন্তে তেওঁক আৰু ৩ শতাংশ ৰেহাই দিয়া হ’ব। অর্থাৎ সময়ৰ ভিতৰত ঋণ পৰিশোধ কৰিব পাৰিলে মাত্র ৪ শতাংশ সুদ দিলেই হ’ব কৃষকসকলে। আনহাতে, কৃষকসকলক এই ছাবচিডি দিওঁতে কেন্দ্রৰ ২৮ হাজাৰ কোটি টকা খৰচ হ’ব বুলিও উল্লেখ কৰে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে।













