ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ৭৩গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে ।ইয়াৰ লগে লগে ৰাজ্যত মুঠ ক’ৰোণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১৪৬৩ লৈ।ইয়াৰে ৩০ গৰাকী কোৱেটৰ পৰা অহা বিমান যাত্ৰী, ১০ গৰাকী কামৰূপৰ, ৯ গৰাকী কৰিমগঞ্জৰ, ৭ গৰাকী কোকৰাঝাৰৰ, ২ গৰাকী হাইলাকান্দি আৰু ১ গৰাকীকৈ ব্যক্তি আক্ৰান্ত বৰপেটা/ নগাওঁ আৰু যোৰহাটৰ পৰা আক্ৰান্ত হৈছে।ইয়াৰ সৈতে বৰ্তমান চিকিৎসাধীন লোকৰ সংখ্যা হৈছে ১১৭৯ জন আৰু ২৭৭ জন লোক বৰ্তমান সূস্থ হৈ উঠিছে।













