ASSAM TIMES POST
নিউজ ডেস্ক
ৰাজ্যৰ শৈক্ষিক বৰ্ষ ৩১মাৰ্চৰ পৰা আৰম্ভ কৰা ৰাজ্য চৰকাৰৰ সিদ্ধান্তক আদৰণি অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ।
বৰ্তমান চলি থকা পহিলা জানুৱাৰীৰ পৰিবৰ্তে শিক্ষাবৰ্ষ ৩১মাৰ্চলৈ সম্প্ৰসাৰণ কৰাৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তক উচিত পদক্ষেপ আখ্যা দি সন্থাই কয় ” ছাত্ৰ ছাত্ৰী অভিভাৱক শিক্ষক শিক্ষয়ত্ৰী সমন্বিতে অসমৰ শৈক্ষিক ক্ষেত্ৰলৈ শুভবাৰ্তা কঢ়িয়াই আনিব এই সিদ্ধান্তই।কভিড-১৯ আৰু লকডাউনৰ বাবে ছাত্ৰ ছাত্ৰীৰ যি বিস্তৰ ক্ষতি হ’ল তাক সুস্থিৰ অৱস্থালৈ অনাৰ স্বাৰ্থত চৰকাৰে ৩১ মাৰ্চ পৰ্যন্ত শিক্ষা বৰ্ষ সম্প্ৰসাৰণ কৰিলে “।সন্থা সভাপতি ভূৱনেশ্বৰ নাথ আৰু সম্পাদক গোৱিন্দ চন্দ্ৰ কলিতাই এই সিন্ধান্তক আদৰণি জনাই কয় ” উৎসাহ জনক আৰু আশাব্যঞ্জক খবৰ এই যে বৰ্তমান অসমত চলি থকা জানুৱাৰীৰ পৰা ডিচেম্বৰৰ শিক্ষাবৰ্ষৰো স্থায়ী পৰিবৰ্তনৰ প্ৰয়োজনীয়তা আহি পৰিছে।বৰ্তমান শৈক্ষিক বৰ্ষতো শিক্ষক সকলে পূৰ্বতে কৃষি কাৰ্যত সহায় হোৱাকৈ প্ৰস্তুত কৰি লৈছিল।কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে তাৰ প্ৰাসংগিকতা হেৰাই গৈছে।সৰস্বতী পূজা, মাঘ বিহু, হাইস্কুল শিক্ষান্ত পৰীক্ষা, বহী নিৰীক্ষনকে ধৰি বিভিন্ন প্ৰাকৃতিক কাৰনত ছাত্ৰ ছাত্ৰীয়ে প্ৰায় তিনিমাহ ক্ষতিৰ সন্মুখীন হৈ আহিছে।ইয়াৰ উপৰিও কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ সৈতে দেশৰ অন্য ৰাজ্যত শিক্ষা বৰ্ষত মিল থকাত ৰাজ্য চৰকাৰী-বেচৰকাৰী খণ্ডৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীৰ সকলে বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষাৰ পৰা বঞ্চিত হৈ আহিছে।গতিকে ৰাজ্যৰ শৈক্ষিক বৰ্ষ মাৰ্চৰ পৰা এপ্ৰিললৈ পৰিবৰ্তন কৰি চৰকাৰে এক স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগে”।
সন্থা সম্পাদক কলিতাই কয় “যি সময়ত বিশ্বায়ন আৰু প্ৰযুক্তি বিদ্যাই সমগ্ৰ পৃথিৱী খনকে এক কৰাৰ কুচ কাৱাচ চলিছে সেই সময়ত এক ভাৰত এক নীতি এক শিক্ষা এক পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা আহি পৰিছে”।
আগন্তুক গ্ৰীষ্মবন্ধ সমূহ এক জুলাইৰ পৰিবৰ্তে ১৫ জুলাইলৈ পৰিবৰ্তন কৰাৰো পৰামৰ্শ আগবঢ়াই অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই।













