ASSAM TIMES POST
নিউজ ডেস্ক:
পুনৰ আত্মনির্ভৰতাৰ পক্ষত প্ৰশ্ন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ। মঙ্গলবাৰে কনফেডাৰেচন অব ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ (চিআইআই)ৰ ১২৫ বছৰ উপলক্ষে দিয়া ভাষণত দেশীয় কোম্পানীসমূহক অধিক শক্তিশালী হৈ উঠাৰ বার্তা দিয়ে। এই কামত চিআইআইকো আগবাঢ়ি অহাৰ আহ্বান জনায় তেওঁ। আন্তর্জাতিক ক্ষেত্রৰ দিশে লক্ষ্য ৰাখি দেশৰ উদ্যোগ কোম্পানীসমূহক উৎপাদনৰ কথা কয় মোদীয়ে। তাৰ লগতে অন্য দেশসমূহৰ সৈতে কৌশলগত সম্পর্ক বজায় ৰখাৰ বার্তাও দিয়ে। দেশত প্রথম পৰ্যায়ত আনলক আৰম্ভ হোৱাৰ পিছত, এই প্রথম অর্থনীতিক লৈ বক্তব্য ৰাখিলে প্রধানমন্ত্রীয়ে।
মোদীয়ে কি ক’লে—
• আহক, আমি একেলগে আত্মনির্ভৰ কৰি তোলো দেশক। চৰকাৰ আপোনালোকৰ লগত আছে।
• প্রধানমন্ত্রী গৰিব কল্যাণ যোজনাত ৭৪ কোটি মানুহে সুবিধা পাইছে।
• এই সঙ্কটৰ সময়ত ভাৰতে ১৫০খন দেশক চিকিৎসা সৰঞ্জাম দি সহায় কৰিছে।
• শ্রমিকসকলৰ আয় বৃদ্ধিৰ বাবে শ্রম আইন সংস্কাৰ কৰা হৈছে।
• কয়লা ক্ষেত্রক বেচৰকাৰীকৰণ কৰা হৈছে। বিভিন্ন ক্ষেত্রত বিনিয়োগৰ পথ খোলা হৈছে।
• ভাৰতৰ ওচৰত পৃথিৱীৰ প্রত্যাশা বৃদ্ধি পাইছে।
• উদ্যোগ মহলে এটা খোজ আগবঢ়ালে চৰকাৰে চাৰি খোজ বঢ়াব।
• এতিয়া মহাকাশৰ পৰা পৰমাণু- সকলো ক্ষেত্রতে বিনিয়োগৰ দ্বাৰ মুক্ত।
• আত্মনির্ভৰতাৰ পক্ষত প্ৰশ্ন প্রধান মন্ত্রীৰ।
• স্বাধীনতাৰ পিছত কৃষকসকলক ভাগ্যৰ ওপৰত এৰি দিয়া হৈছিল। এতিয়া কৃষকসকলে তেওঁলোকৰ অধিকাৰ ঘূৰাই পাইছে।
• দেশৰ সর্বত্ৰে ফচল বিক্ৰী কৰিব পাৰিব কৃষকসকলে।
• ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ সংজ্ঞা সলনি কৰা হৈছে।
• আমাৰ সচৰকাৰে হঠাতে সংস্কাৰ কৰা নাই। সুনির্দিষ্ট পৰিকল্পনা কৰিয়েই সংস্কাৰ কৰা হৈছে।
• ৫০ কোটি মানুহক ইপিএফত বৰঙনি।
• ৫৩ হাজাৰ কোটিৰ অধিক আর্থিক সাহায্য।
• দেশৰ আর্থিক বৃদ্ধি সঠিক দিশত ঘূৰি আহিব।
• দেশৰ প্রতিভা, একাগ্রতাত আত্মবিশ্বাস আছে।
• কৰোনাৰ ফলত অনলাইনত আলোচনাই ভৱিষ্যৎ হৈ উঠিছে।
• কৰোনাৰ বিৰুদ্ধে যুঁজিব লাগিব, অর্থনীতি মজবুত কৰিব লাগিব৷
• লকডাউনে দেশত কৰোনা ৰোধত কার্যকৰী ভূমিকা লৈছে।
• ভাৰতৰ কৃষক, উদ্যোগপতিসকলৰ ওপৰত ভৰসা আছে। এইবাবেই কৈছো, ভাৰতে ‘গ্ৰ’থ বেক’ কৰিব।
• ভাৰতৰ মেধা আৰু প্রযুক্তিৰ ওপৰত ভৰসা আছে।
• উই উইল ডেফিনিটলি গ্ৰ’থ বেক।
• এফালে দেশবাসীৰ জীবন বচাব লাগিব, অন্য দিশে অর্থনীতিকো সচল ৰাখিব লাগিব৷













