ASSAM TIMES POST
নিউজ ডেস্ক:
বৰ্ণ বৈষম্যৰ বলি হৈ শ্বেতাংগ আৰক্ষীৰ হাতত মৃত্যুক আঁকোৱালি ল’বলগা হোৱা কৃষ্ণাংগ জৰ্জ ফ্লয়ডৰ মৃত্যুৰ পিছত এতিয়া অগ্নিগৰ্ভা আমেৰিকাৰ পৰিস্থিতি৷ আৰক্ষীৰ বিৰুদ্ধে বিক্ষোভে ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰিছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অতিকমেও ৪০খন চহৰত বিক্ষোভৰ ফলত এতিয়া পৰিস্থিতি অতি ভয়াৱহ। দেওবাৰে নিশা বিক্ষোভকাৰীয়ে অগ্নিসংযোগ কৰিছিল হোৱাইট হাউছৰ সমীপৰ বহু ঠাইত। হোৱাইট হাউছৰ সমীপৰ ঐতিহাসিক ছেইণ্ট জন চাৰ্চকো ৰেহাই নিদি বিক্ষোভকাৰীয়ে অগ্নিসংযোগ কৰাৰ তথ্য প্ৰকাশ পাইছে। বিক্ষোভকাৰীয়ে এফালৰ পৰা ভাঙি-ছিঙ চূৰ্ণ-বিচূৰ্ণ কৰাৰ লগতে অগ্নিসংযোগ কৰে বহু ব্যৱসায়িক প্ৰতিষ্ঠানত।

উল্লেখযোগ্য যে বিক্ষোভৰ তীব্ৰতাত শুকুৰবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্প হোৱাইট হাউছৰ বাংকাৰৰত সোমাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল৷ শনিবাৰে হোৱাইট হাউছৰ বাহিৰত বিক্ষোভকাৰীসকলৰ ওপৰত আৰক্ষীয়ে বৰ্বৰতাৰে লাঠি চাৰ্জ কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সংবাদ প্ৰতিষ্ঠান চিএনএনে প্ৰকাশ কৰা মতে, ৱাশ্বিংটনসহ ১৫খন চহৰত কমেও ৫ হাজাৰ গাৰ্ড নিয়োগ কৰা হৈছে আৰু অতিৰিক্ত ২ হাজাৰ গাৰ্ডক সাজু কৰি ৰখা হৈছে। মিনচ’টাৰ পৰা ভাইৰেল হোৱা দুটা ভিডিঅ’ৰ এটাত আৰক্ষীয়ে বিক্ষোভকাৰীৰ ওপৰত ক্ৰুজাৰ কাৰ উঠাই দিয়া আৰু আনটোত নেচনেল গাৰ্ডে ঘৰৰ মানুহৰ ওপৰত গুলীবৰ্ষণ কৰা দেখা গৈছে। ঘৰৰ ভিতৰলৈ কন্দুৱা গেছৰ বোমাও নিক্ষেপ কৰা হৈছে।













