ASSAM TIMES POST
নগাঁও:
নগাঁও চহৰৰ পাৰ্শ্ববৰ্তী উৰিয়াগাওঁ বাইপাছ চ’কত আজি পৰিত্যক্ত অৱস্থাত দুটা পি পি ই কিট উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় ।পি পি ই কিট দুটা উক্ত স্থানত কোনে পেলাই থৈ গ’ল জানিব পৰা হোৱা নাই।
আনহাতে পৰিত্যক্ত অৱস্থাত পি পি ই কিট দুটা উদ্ধাৰ হোৱা ঘটনাক লৈ স্থানীয় লোক শংকিত হৈ পৰে।পিছত অৱশ্যে একাংশ লোকে ৰোগ সংক্ৰমিত নহ’বৰ বাবে পি পি ই কিট দুটা জ্বলাই দিয়ে ।













