ASSAM TIMES POST
ৰাজ্যত পুনৰ ১৩ গৰাকী সুস্থ হৈও উঠিছে ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগী ৷ পুণৰ ১৩ গৰাকী ৰোগীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷তেওঁলোকক দুবাৰকৈ পৰীক্ষণৰ পিছত ফলাফল ঋণাত্মক পোৱা গৈছে ৷টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সুস্থ হোৱা লোকসকল ১০জন অসম চিকিৎসা মহাবিদ্যালয়ৰ ২জন এফএএএমচিএইচ , ১জন ডিফু মেডিকেল কলেজৰ।অসমত বৰ্তমানলৈ ৩৩৭ জন লোক সুস্থ হৈ উঠিছে।বৰ্তমানেও ১১৬৯ জন লোক চিকিৎসাধীন হৈ আছে।













