ASSAM TIMES POST
অসমত পুনৰ ৪৮ গৰাকী ব্যক্তিৰ দেহত ক’ভিড–১৯ পজিটিভ চিনাক্ত হৈছে৷ ইয়াৰ সৈতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ১৫৬১লৈ বৃদ্ধি পায়।ইয়াৰে ১৩ গৰাকী বিশ্বনাথ, ৯গৰাকী পশ্চিম কাৰবি আংলং, ৭ গৰাকী কৰিমগঞ্জ, ৪ গৰাকী হোজাইৰ, ১ গৰাকী কাছাৰ আৰু ৯ গৰাকীৰ সংক্ৰমণস্থলী নিশ্চিত হোৱা নাই ৷ইয়াৰ লগে লগে ৰাজ্যত মুঠ ক’ৰোণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১৫৬১ গৰাকীলৈ।মাজনিশা টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যত সম্প্ৰতি ১২১৭ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷













