ASSAM TIMES POST
নিউজ ডেস্ক:
শ্বেতাঙ্গ মার্কিন পুলিচৰ হাতত কৃষ্ণাঙ্গ যুবক জর্জ ফ্লয়েড হত্যাৰ ঘটনাৰ প্ৰতিবাদত বিক্ষোভত উত্তাল আমেৰিকা। বিক্ষোভৰ সমান্তৰালভাৱে ধ্বংস, লুটপাট, মাৰপিটৰ ঘটনাও চলিছে। আনকি ইয়াৰ পৰা হাত সৰা নাই গীৰ্জাও। বিক্ষোভকাৰীয়ে দেওবাৰে অগ্নি সংযোগ কৰে হোৱাইট হাউছৰ সমীপৱৰ্তী চেণ্ট জন্স গির্জাত। সোমবাৰে সেই অগ্নিদগ্ধ গীর্জাৰ সন্মুখতেই বাইবেল হাত লৈ ‘প’জ’ দিয়ে মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে।
আনহাতে, হোৱাইট হাউছৰ পৰা বিক্ষোভ দমনত সেনা নমোৱাৰ ভাবুকি দি ট্ৰাম্পে কয়, ‘‘প্রতিবাদৰ নামত এই ধ্বংসলীলা চলিব নোৱাৰে। এই মহান দেশক দুষ্কৃতিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবই লাগিব।’’
উল্লেখযোগ্য যে বিক্ষোভ দমনত হিংস্র কুকুৰ মেলি দিয়াৰ ভাবুকি ইতিমধ্যেই দিছিল ট্ৰাম্পে। কালি কয়, ‘‘স্থানীয় প্রশাসনে নোৱাৰিলে এইবাৰ আমিয়েই ব্যৱস্থা লম। হাজাৰ হাজাৰ সশস্ত্র সেনা নমোৱা হ’ব। হিংসা, লুটপাট, আক্ৰমণ তেওঁলোকেই চম্ভালিব।’’













