ASSAM TIMES POST
নিউজ ডেস্ক:
স্বামী-স্ত্রীৰ মাজত মনোমালিন্যই চৰম ৰূপ ধাৰণ কৰিলেই হয় বিবাহ বিচ্ছেদ। শেহতীয়া কেইটামান বছৰত দক্ষিণ এচিয়াত হৈছে কেইখনমান দামী বিবাহ বিচ্ছেদ হৈছে। তাৰে ভিতৰত সকলোতকৈ ডাঙৰ আছিল বিগত বছৰৰ মাজভাগত। এমাজনৰ মালিক জেফ বেজোচৰ তেওঁৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হয় আৰু পত্নীৰ খোৰাকীৰ বাবদ বেজোচে পত্নীক দিব লগা হয় ৩ হাজাৰ ৮ শ ৩০ কোটি ডলাৰ শ্বেয়াৰ। হয়, এমাজনৰ মালিকৰ এই কোটি কোটি ডলাৰৰ সম্পত্তি লাভ কৰি এতিয়া নিশাৰ ভিতৰতে কোটিপতি হৈ পৰিছে পত্নী মেকেঞ্জি।

কিন্তু এয়াই যেন শেষ নহয়। কাৰণ যিখন সকলোতকৈ ডাঙৰ বিবাহ বিচ্ছেদ হৈছিল তাত ডু উইমিনে তেওঁৰ পত্নী য়ুৱান লিপিঙক বিবাহ বিচ্ছেদৰ বাবে ১৬১.৩ মিলিয়ন ডলাৰৰ শ্বেয়াৰ দিছিল আৰু যাৰ বাবে তেওঁৰ পত্নী এতিয়া ভাৰতীয় মুদ্রাত ১২ হাজাৰ কোটি টকাৰো অধিক সম্পত্তিৰ মালিক। ৰ’ব, ইয়াতেই তেওঁৰ পৰিচয় শেষ হোৱা নাই। কাৰণ তেওঁ বর্তমান বিশ্বৰ সকলোতকৈ ধনী মহিলাসকলৰ তালিকাত স্থান পাইছে। আৰু এনেদৰেই তেওঁ এতিয়া বিশ্বৰ শীৰ্ষ ধনী মহিলা।

উল্লেখযোগ্য যে ডু উইমিন, যি চীনৰ চেনঝেন কাংতাই বায়োলজিকেল ফার্মৰ মালিক তেওঁৰ বিশ্বৰ অন্যতম ধনী ব্যক্তিসকলৰ তালিকাত নাম আছে। তেওঁৰ বৰ্তমান মুঠ মুঠ সম্পত্তিৰ পৰিমাণ ৩১০ কোটি ডলাৰ। কিন্তু পূৰ্বতে আছিল ৬৫০ কোটি ডলাৰ। পত্নীক দিয়া আৰু বিভিন্ন কাৰণত তেওঁৰ সম্পত্তিৰ পৰিমাণ কমি গৈছে যদিও এতিয়াও বিশ্বৰ ধনীতম ব্যক্তিসকলৰ তালিকাত তেওঁৰ নাম আছে।













