ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰোনা আতংকৰ মাজতে ৰাছিয়াত নতুন ত্ৰাস হৈছে তেজখোৱা মকৰা৷ এই পোকবোৰক ইংৰাজীত টিক (Tick) বুলি কয়৷ এই মকৰা হ’ল এক শ্ৰেণীভূক্ত পোক৷ সম্প্রতি ৰাছিয়াৰ ছাইবেৰিয়াৰ এটা বৃহৎ অঞ্চল আগুৰি পেলাইছে এই ভয়ংকৰ তেজপিয়া মকৰাই৷ প্ৰাপ্ত সূত্ৰ মতে এইবাৰ এনে ঘটনা প্ৰথম নহয়, ইয়াৰ আগেয়ে এনে ঘটনা ঘটিছে ৰাছিয়াত৷ প্ৰতিবাৰেই বহু লোকৰ মৃত্যু হৈছে৷ জানিব পৰা মতে ইতিমধ্যে এই মকৰাৰ কামোৰত ছাইবেৰিয়াৰ নিলগত অৱস্থিত ক্ৰাছনৱেৰ্স্ক এলেকাত অন্তত ৮২১৫ জন লোক অসুস্থ হৈছে৷
তাৰ মাজতে ২১২৫টি শিশুও আছে৷ ৰাছিয়াৰ স্ভেয়াৰ্ডলস্কত এই মকৰাৰ কামোৰত গুৰুতৰ অসুস্থ হৈছে প্ৰায় চাৰে চাৰি হাজাৰ শিশুসহ ১৭২৪২জন লোক৷ বিশেষজ্ঞসকলে জনোৱা মতে এই তেজপিয়া মকৰাই কামোৰিলে এনকেফেলাইটিছৰ দৰে এক ধৰণৰ অসুখ হয় ৰাছিয়াত৷ এই মকৰাৰ কামোৰত অসুস্থ হৈ ২০১৫ চনত ডেৰ লাখ লোকৰ দেশখনত মৃত্যু হৈছিল৷
ঠাণ্ডা কমি তাপমাত্ৰা বাঢ়িলেই ৰাছিয়াত এই তেজপিয়া মকৰা বৃদ্ধি পায়৷ বিশেষজ্ঞসকলে জনোৱা মতে এই মকৰাই কামোৰিলে মানুহৰ মস্তিষ্কত ব্যাপক ক্ষতি কৰিব পাৰে৷ সকলোতকৈ উদ্বেগৰ বিষয় হ’ল, এই তেজপিয়া মকৰাৰ দ্বাৰা আক্ৰান্ত হ’লে তাৰ পৰা ৰক্ষা পাবলৈ প্ৰয়োজনীয় ঔষধ বা প্ৰতিষেধক একো নাই৷













