ASSAM TIMES POST
ক’ৰণা ভাইৰাচৰ বাবে ঘোষণা হোৱা লকডাউন বাবে যোৱা ২৪ মার্চ পৰা বন্ধ হৈ থকা গুৱাহাটীৰ প্ৰেছ ক্লাৱৰ সভাগৃহ ৰাইজৰ বাবে পুনৰ মুকলি সিদ্ধান্ত।অহা ৮ জুনৰ পৰা ৰাইজৰ বাবে মুকলি কৰি দিয়া হব প্ৰেছ ক্লাৱৰ সভাগৃহ। এই কথা প্ৰকাশ কৰিলে গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায় আৰু সভাপতি মনোজ কুমাৰ নাথে।
ৰাজ্য মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ সৈতে হোৱা মৌখিক আলোচনা মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব দিয়ে প্ৰেছ ক্লাব কতিপক্ষই।প্ৰথম অৱস্থাত সংবাদ মাধ্যম বাবে জৰুৰী বিবেচিত হোৱা সংবাদমেল, গ্ৰন্থ উন্মোচন, চিডি-ভিচিডি উন্মোচন আদি বাবে অনুমতি দিয়া হ’ব সভাগৃহ।
সভাগৃহ ব্যৱহাৰ সন্দৰ্ভত প্ৰেছ ক্লাৱৰ ফালৰ পৰা বান্ধি দিয়া হৈছে কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশনা-সমাজিক দূৰত্ব ৰক্ষা কৰি সভাগৃহ ভিতৰত ২০জনতকৈ অধিক সমবেত হব নোৱাৰিব। মঞ্চত তিনিজন ব্যক্তি উপস্থিত থাকিব পাৰিব। লগতে সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। প্ৰেছ ক্লাৱৰ অনুমতি লৈ অনুষ্ঠানত খাদ্য সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব।
অনুষ্ঠানত অহা লোকসকলক থাৰমেল স্কেনাৰে শৰীৰৰ উত্তাপ জোখাটো বাধ্যতামুলক। সভাগৃহত প্ৰৱেশৰ পূৰ্বে হেণ্ড চেনিটাইজ কৰাটো জৰুৰী।













