ASSAM TIMES POST
নিউজ ডেস্ক:
সামাজিক দূৰত্ব মানি অসম গণ পৰিষদৰ গুৱাহাটী আমবাৰী মুখ্য কাৰ্যালয়ত দলৰ গুৰুত্বপূৰ্ন বৈঠক।অগপ ভাতৃ-ভগ্নী সংগঠনেৰে বৈঠকত মিলিত হয় কেন্দ্ৰীয় নেতৃত্ব।
সভাপতি অতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত বৈঠকত আলোচনা কৰা হয় ২১ৰ বিধানসভা নিৰ্বাচনৰ ৰনকৌশল। সমষ্টি ভিত্তিত দলে গঠন কৰিব আইটি চেল। সামাজিক মাধ্যমৰ জৰিয়তে চলিব প্ৰচাৰ ৷ মুঠ ৮৫ টা সমষ্টিত গঠন হব আইটি চেল। উল্লেখ্য যে এই ৮৫ টা সমষ্টি হৈছে অগপ দলে বিভিন্ন সময়ত দখল কৰি অহা সমষ্টি।
তাপৰ্যপূৰ্ণ কথা এই যে বৈঠকৰ সিদ্ধান্ত মৰ্মে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰতি সমষ্টিত বিষয়ববীয়াৰ লগত মিলিত হব কেন্দ্ৰীয় নেতৃত্ব। প্ৰতি সমষ্টিত আইটি চেলৰ দায়িত্ব আছে দলৰ একোজন কেন্দ্ৰীয় নেতৃত্ব।
আনহাতে আগন্তুক বানপানীৰ সময়ত প্ৰতি সমষ্টিতে দলৰ কৰ্মী সকলক ৰাইজক সহায় কৰাৰো আহ্বান জনাই সভাপতি অতুল বৰাই ৷
আজিৰ বৈঠকত উপস্থিত তাকে অগপৰ মহিলা পৰিষদ, যুৱ পৰিষদ, ছাত্ৰ পৰিষদ ৷ লগতে আজিৰ বৈঠকত উপস্থিত থাকে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডা:কমলা কলিতা , বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, বিধায়ক সত্যব্ৰত কলিতা, মনোজ শইকীয়াকে আদি কৰি বহু কেইজন শীৰ্ষ নেতৃত্ব উপস্থিত থাকে ৷













