ASSAM TIMES POST
ৰাজ্যত ক’ৰোনাত আক্ৰান্ত লোক আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা গৈ আছে৷ বুধবাৰে স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিয়লি ৪ বজাত জনোৱা মতে ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ক’ভিড-১৯ত আক্ৰান্ত ৬৭ গৰাকী ৰোগী আৰোগ্য হৈ ঘৰলৈ যাবলৈ অনুমতি লাভ কৰে। তেওঁলোকৰ দুবাৰকৈ পৰীক্ষা কৰাৰ পাছত ফলাফল ঋণাত্মক পোৱা গৈছে৷
এই সুস্থ হোৱা লোকসকলৰ ভিতৰত ৩৯ গৰাকী সোণাপুৰ অসামৰিক চিকিৎসালয়, ১০গৰাকী ফকৰুদ্দিন আলি আহমেদ মহাবিদ্যালয়, ৪ গৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, ৭ গৰাকী ডিমা হাচাও অসামৰিক চিকিৎসালয়, ২গৰাকী শিলচৰ চিকিৎসা মহাবিদ্যালয়, এগৰাকী মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় আৰু এগৰাকী গোলাঘাট অসামৰিক চিকিৎসালয়ৰ৷ ৰাজ্যখনত বৰ্তমানে ৪০৪গৰাকী ব্যক্তি সুস্থ হৈ উঠিছে ৷ আনহাতে চিকিৎসাধীন হৈ আছে ১২৬১গৰাকী লোক ৷













