“কভিড ১৯” অথবা “লক-ডাউনে” কিছু আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে যদিও এই আটাইবোৰৰ মাজত প্ৰকৃতিয়ে এৰিব পাৰিছে স্বস্তিৰ নিশ্বাস। কোনো জনসাধাৰণ কেওঁদিশে ওলাব নোৱাৰা ফলত কমি অহা হূলস্থূল আৰু গাড়ী-মটৰৰ পৰা ওলোৱা কম ধোঁৱাৰ বাবে প্ৰকৃতি সুন্দৰ ৰূপেৰে স্থিতি লাভ কৰিবলৈ সক্ষম হৈছে। এনে প্ৰাকৃতিক ভাৰসাম্যতা বজাই ৰখাৰ স্বাৰ্থত জনসাধাৰণৰ লগতে বৰ্তমান উঠি-পৰি এই কাৰ্যসূচীত যোগদান কৰিছে জনপ্ৰিয় চিলব্ৰেটী সমূহেও। দিহিং পাটকাই অভয়াৰণ্যত হ’বলগীয়া কয়লা খনন কাৰ্যত মাত দিয়াৰ সমান্তৰালকৈ বৰ্তমান গছ-পুলি ৰুবলৈ ৰাইজক আহ্বান জনাইছে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত্ ছাত্ৰ-ছাত্ৰীৰ এটি গোটে আৰম্ভ কৰা “সন্ধান” নামৰ কাৰ্যসূচীক সঁহাৰি জনাই আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ সময়ছোৱাত পৰিৱেশক উদ্দেশ্যি কিবা এটা সুন্দৰ কাম কৰাৰ বাৰ্তা প্ৰদান কৰে কন্ঠশিল্পী গৰাকীয়ে।

উল্লেখ্য যে, মুম্বাইৰ পৰা এখন বাছেৰে গুৱাহাটীলৈ ঘূৰি অহা জুবিন গাৰ্গ ও তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গ হোটেল ৰেডিচন ব্লু’ ত কোৱাৰেন্টাইনত থাকিছিল যদিও পিছলৈ তেওঁলোকক “ক’ভিড ১৯” পৰীক্ষা কৰাত নিগেটিভ পোৱা যায়। তাৰ পিছৰ পৰাই তেওঁলোকক ঘৰলৈ যাব দিয়া হয়।













