ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ৭৪ গৰাকী ব্যক্তিৰ দেহত ক’ভিড–১৯ পজিটিভ চিনাক্ত হৈছে ।ইয়াৰে ৫৯ গৰাকী ধুবৰীৰ, ১৪ গৰাকী নগাওঁৰ আৰু ১ গৰাকী ওদালগুৰিৰ৷ ইয়াৰ সৈতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ১৮৩০ লৈ বৃদ্ধি পায়। নিশা টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।বৰ্তমান ১৪১০ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৪১৩ জন।













