ASSAM TIMES POST
নিউজ ডেস্ক:
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ।৬জুনত মেট্ৰিক পৰীক্ষা ফলাফলৰ পাছতে অহা ২০ৰ পৰা ২৫ জুনৰ ভিতৰত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল।এই কথা প্ৰকাশ কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিশেষ সূত্ৰই।উল্লেখ যে পৰীক্ষাৰ চূড়ান্ত তাৰিখ দুই-এদিনৰ ভিতৰতে ঘোষণা কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ইতিমধ্যে সংসদৰ সৈতে ফলাফল ঘোষণাক লৈ মন্ত্ৰী শৰ্মাই আলোচনা চলাই থকা বুলিও সূত্ৰ টোৱে অৱগত কৰে।
ক’ৰনা ভাইৰাছৰ বাবে ঘোষণা হোৱা লকডাউন বাবে পূৰ্বতকৈ পলম হৈছে ফলাফল ঘোষণা দিন।ছাত্ৰ-ছাত্ৰীয়ে অনলাইনৰ জৰিয়তে লাভ কৰিব ফলাফল।সংসদৰ ৱেবচাইট আৰু মোবাইল এ’পত চাব পাৰিব ফলাফল।
গুৰুত্বপূৰ্ণ কথা এই যে কলা, বিজ্ঞান, বাণিজ্য সকলো বিভাগৰ ফলাফল ঘোষণা হব।













