ASSAM TIMES POST
নিউজ ডেস্ক:
শুকুৰবাৰে বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসী জনতাক জনালে শ্ৰদ্ধা আৰু শুভেচ্ছা।
“এক বৃক্ষ, দশ পুত্ৰসম এই বাণীৰ উদ্বুদ্ধ হৈ প্ৰতিজন অসমৰ বাসিন্দাই এজোপা কৈ গছৰ পুলি ৰোপন কৰি প্ৰাকৃতিক বাতাবৰণ জীয়াই ৰখাটো দায়িত্ব”- সোনোৱালে কয়।
অসমৰ বায়ুমণ্ডল বিশুদ্ধ কৰি ৰখাৰ প্ৰয়াস কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় “আমি প্ৰত্যেকে এজোপাকৈ গছৰ পুলি ৰোপন কৰি সঁচা অৰ্থত প্ৰকৃতিক ভালপোৱা পৰিচয় দিব লাগিব”।
ৰাজ্য প্ৰতি বিদ্যালয়, মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়ত্ৰী, জ্যেষ্ঠ নাগৰিক, গাঁওবুঢ়া, নির্বাচিত পঞ্চায়ত প্ৰতিনিধি আৰু বিধায়ক সকলক আহ্বান জনায় সোনোৱালে কয় প্ৰাকৃতিক বার্তাবৰণ ৰক্ষা কৰা বাবে সকলোৱে এটাকৈ গছপুলি ৰোপন কৰক।
সকলো সময়তে আমি বনাঞ্চল ৰক্ষা কৰা কথা কৈ আহিছোঁ।শাসক- বিৰোধী সকলোৱে বৃক্ষ ৰোপন যাত্ৰাত যদি আত্মনিয়োগ কৰো তেন্তে নিশ্চিতভাৱে অসম প্ৰদূষণ মুক্ত হৈ থাকিব”- সোনোৱালে লগতে কয়।













