ASSAM TIMES POST
নিউজ ডেস্ক:
উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষ পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ।৬জুনত মেট্ৰিক পৰীক্ষা ফলাফলৰ পাছতে অহা ২৫ জুনত ঘোষণা হ’ব চলিত বর্ষ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষ পৰীক্ষাৰ ফলাফল।এই কথা প্ৰকাশ কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অধ্যক্ষ দয়ানন্দ বৰগোঁহাই।।
উল্লেখ যে ক’ৰনা ভাইৰাছৰ বাবে চলিত বর্ষ পৰীক্ষা ফলাফল পূৰ্ব বর্ষতকৈ কিছু পলম হৈছে।এই কথা অৱগত কৰিলে অধ্যক্ষ গৰাকীয়ে।
কলা, বিজ্ঞান আৰু বাণিজ্যিক শাখাৰ ফলাফল একদিনাই ঘোষণা হব।ছাত্ৰ-ছাত্ৰীয়ে অনলাইনৰ জৰিয়তে লাভ কৰিব ফলাফল।সংসদৰ ৱেবচাইট আৰু মোবাইল এ’পত চাব পাৰিব ফলাফল।তাৰ পৰিৱৰ্তে পূৰ্ব দৰে কেন্দ্ৰ সমূহত নাপাব ফলাফল।

দেশৰ বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষা সমূহ যিহেতু জুলাইত হব তাৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা হব ফলাফল।পুৱা ৯ বজাত ঘোষণা হ’ব লগা ফলাফল প্ৰকাশ পাব সংসদৰ ১৮টাকৈ ৱেবচাইটত।
ফলাফল ঘোষণাৰ পাছতে নিজ নিজ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট।
১৮টা ৱেবছাইটত উপলব্ধ হ’ব পৰীক্ষাৰ ফলাফল
এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ২,৩৬,৮০৯ গৰাকী শিক্ষাৰ্থী। কলা শাখাত ১,৭৫,১৭৫গৰাকী, বিজ্ঞান শাখাত ৪০,৫৮৮গৰাকী, বাণিজ্য শাখাত ১৮,১৭৮ গৰাকী আৰু বৃত্তিমূলক শাখাত ৮৬৮গৰাকী। এই কথা সদৰী কৰিলে অধ্যক্ষ বৰগোঁহাই।
ফলাফল ঘোষণা হব লগা ৱেবচাইট সমূয় হৈছে-
Www. Hsinfo.in www. Ahsec.nic.in
Www.indiaresult.com
Www knowyourresult.com
Www.examreslults.net
Www. Results.shiksha
Www. Exametc.com.
Www. Schools9.com
Www. Jagranjosh.com
Www. Resultsamarujala.com
Www. Assamresult.in
Www.iresults.net
www.eduassam.com
Www. Assam. shiksha
Www. Assamjobalerts.com
Www.timesofindia.com.
www.assamonline.in
Www.school.gradeup.co













