ASSAM TIMES POST
নগাঁও :
লকডাউনৰ পৰৱৰ্তী সময়ত ৰাজ্যত অপৰাধজনিত কাৰ্যকলাপ বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্তই । আজি নগাঁও আৰক্ষী চাউনীৰ সভাকক্ষত আনুষ্ঠিত এক সংবাদমেলত আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে সাম্প্ৰতিক সময়ত ৰাজ্যখনত অপৰাধজনিত কাৰ্যকলাপ বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰি লগতে কয় যে লকডাউনৰ সময়ছোৱাত সৃষ্টি হোৱা স্হবিৰতাৰ ফলত মানুহৰ মাজত দেখা দিয়া আৰ্থিক অভাৱ আৰু বহি: ৰাজ্যৰ পৰা অহা লোকৰ আগমনে সমাজত অপৰাধজনিত কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । সেয়ে এই ক্ষেত্ৰত আৰক্ষীৰ লোক সকল সষ্টম হৈ থকাৰ লগতে জনসাধাৰণেও সতৰ্কতা অৱলম্বন কৰা উচিত ।
আনহাতে নগাঁও জিলাতো অপৰাধী চক্ৰৰ কাৰ্যকলাপ বৃদ্ধি পাব পৰে বুলিও আৰক্ষীৰ সঞ্চালক প্রধান গৰাকীয়ে মন্তব্য কৰে। নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত সময়ে সময়ে সক্ৰিয় হৈ পৰা ড্ৰাগছ মাফিয়াৰ ওপৰত আৰক্ষীয়ে চোকা নজৰ ৰখা বুলিও তেওঁ সংবাদ মেলত জানিবলৈ দিয়ে । উল্লেখ্য যে, আইন শৃংখলা জনিত পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সাম্প্ৰতিক সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত পৰ্যালোচনা কৰিবৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্ত আজি বিয়লি নগাঁও চহৰত উপস্হিত হয়হি।
সংবাদ মেলৰ পূৰ্বে নগাঁও আৰক্ষী চাউনীৰ সভাকক্ষত অনুষ্ঠিত আৰক্ষী বিভাগৰ এখন সভাত অংশগ্ৰহণ কৰি অসম আৰক্ষীৰ সঞ্চালক প্রধান গৰাকীয়ে কোভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাৰ লগতে বৰ্তমান সময়ত অপৰাধজনিত কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত আৰক্ষীৰ কৰ্তব্য আৰু সক্ৰিয়তা সন্দৰ্ভত যাৱতীয় পৰামৰ্শ আগবঢ়ায় । উক্ত সভাত অসম আৰক্ষীৰ মহাপৰিদর্শক হীৰেন নাথ,নগাঁও জিলাৰ আৰক্ষী অধীক্ষক দিলীপ অভিজিত গৌৰৱকে প্ৰমুখ্যে কেইবাগৰাকী আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত থাকে ।













