ASSAM TIMES POST
নিউজ ডেস্ক:
বৃহস্পতিবাৰে কামৰূপ(ম) ধৰা পৰা ক’ৰনা ভাইৰাচ আক্রান্ত দুজন লোকৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী।
মালিগাঁও গোশালৰ পানী টেংকী সমীপৰ স্বপ্না বৰুৱা নামৰ আক্রান্ত মহিলা গৰাকী নাছিল কোনো ট্ৰেভেল হিষ্ট্ৰি।গোশালাত গেলা মালৰ দোকান আছিল মহিলা গৰাকী।আক্রান্ত ধৰা পৰা আগলৈকে দোকানত আছিল মহিলা গৰাকী।
ইফালে গীটানগৰৰ সঞ্জীৱ চেত্ৰী নামৰ ৩৫ বছৰীয়া আক্রান্ত যুৱক জনৰো নাই কোনো ট্ৰেভেল হিষ্ট্ৰী।দীৰ্ঘ-দিন জ্বৰ কাঁহত আক্রান্ত যুৱক জনক যোৱা ১জুনত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত কৰা হৈছিল ক’ৰনা পৰীক্ষা।তাতে ধৰা পৰিছে যুৱক জন ক’ৰনা আক্রান্ত বুলি।
আনহাতে স্বাস্থ্য বিভাগে গণ সংক্ৰমন হৈছে নাই সেই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাই।













