ASSAM TIMES POST
ডিজিটেল ডেস্ক:
এটাৰ পিছত আনটো বিপদৰ মুখত বিশ্ব। প্রথমে কোৱা হৈছিল পাঁচটি গ্রহাণু পৃথিৱীৰ দিশে খুন্দা মাৰিবলৈ আগবাঢ়িছে। কিন্তু নিউজ ১৮ হিন্দীত প্রকাশিত বাতৰি অনুযায়ী, পাঁচটা নহয়, আঠটা ‘আর্থ অবজেক্ট’ পৃথিৱীৰ দিশে আগুৱাই আহিছে।
নাছাৰ উদ্ধৃতি দি সংবাদ মাধ্যমটোৱে জনাইছে, ৫ জুনৰ পুৱতি নিশা ৪.৪৪ মিনিটত এক্সটেৰয়েড ২০২০ কেএন ৫ পৃথিৱীৰ গাত গা ঘঁহাই গুচি যাব। ইয়াৰ গতিবেগ ১২.৬৬ কিলোমিটাৰ প্রতি ছেকেণ্ড হ’ব বুলি জনাইছে বিজ্ঞানীসকলে। অৱশ্যে বিশাল আকাৰৰ এই গ্রহাণুৱে পৃথিৱীত আঘাত নকৰে বুলিয়েই জনাইছে গবেষকসকলে। তেওঁলোকে লক্ষ্য কৰিছে, পৃথিৱীৰ পৰা ৬১ লক্ষ কিমি দূৰেৰে ই ধুমুহাৰ গতিত আগুৱাই যাব৷
প্রকাশিত সংবাদ মতে, পাঁচ জুনৰ সন্ধ্যা পৃথিৱীৰ দিশে আগুৱাই আহিব আৰু এটি গ্রহাণু। সন্ধ্যা ৫ টা ৪১ মিনিটত আৰু একটি বিশাল আয়তনৰ গ্রহাণু ২০২০ কেএ৬ পৃথিৱীৰ পৰা ৪৪.১৩ লক্ষ কিমি দূৰেৰে আগুৱাই যাবে ৷ যাৰ গতিবেগ ৪১,৬৫২ কিমি প্রতি ঘণ্টাত হ’ব বুলি প্রকাশিত বাটৰিটোত জনাইছে।
৬ জুনৰ পুৱাই আৰু এটি গ্রহাণু আগুৱাই আহিব। ইয়াৰো পৃথিবীত আঘাত কৰাৰ সম্ভাবনা অনেক কম। প্রকাশিত খবৰ অনুযায়ী, সিদিনা পুৱা ৮.৫০ মিনিটত এস্টেৰেয়ড ২০০২ এনএন ৪ পৃথিবীৰ একেবাৰে কাণৰ কাষেদিয়েই গুচি যাব৷
আনহাতে, ৬ জুনৰ নিশা প্রায় ১১.০৮ টাত গ্রহাণু ২০২০ কেকিউ ১ নির্গত হ’ব। ৬ জুনৰ বিয়লি ৪.৩০টা মানত ২০২০ কেওএ ১ নামৰ এস্টেৰেয়ড পৃথিবীৰ ওচৰেদিয়ে নির্গত হ’ব ৷ ইয়াৰ গতিবেগ ঘণ্টাত ২১,৯৩০ কিমি ৷
ইয়াৰ পিছত নিশা ৮.৪৫ বজাৰ পিছত পৃথিবীৰ পৰা ১৪.৩১ লক্ষ কিমি দূৰত্বত নিৰ্গত হ’ব। প্রকাশিত বাতৰি অনুযায়ী, আজি আৰু কাইলৈৰ পিছতো অপেক্ষা কৰিছে আৰু বিপদ।













