ASSAM TIMES POST
অসমত পুনৰ ৯০গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে ।ইয়াৰে ৩৭গৰাকী ধুবুৰীৰ, ১৫গৰাকী ডিমা হাচাও, ৭গৰাকী কৰিমগঞ্জৰ ,৭গৰাকী কাছাৰ, ৭গৰাকী বাক্সা, ৬গৰাকী হাইলাকান্দি, ২গৰাকী দক্ষিণ শালমাৰা আৰু ২গৰাকী ধেমাজিৰ।নলবাৰী, বৰপেটা, বঙাইগাওঁ আৰু চিৰাঙৰ এগৰাকীকৈ ব্যক্তি ক’ৰোনাত আক্ৰান্ত।ইয়াৰ সৈতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ২২৪৩ লৈ বৃদ্ধি পায়।টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যত বৰ্তমান ১৭২৭ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৫০৯ জন।













