ASSAM TIMES POST
নিউজ ডেস্ক :
এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে সৰ্বমুঠ ৬৪.৮০শতাংশ ছাত্ৰ-ছাত্ৰী। ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬২.৯১% হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ ৬৬.৯৩%।উল্লেখ্য যে এইবাৰ পৰীক্ষাত অৱৰ্তীন হৈছিল ৩লাখ ৪২হাজাৰ ২২৪জন। ইয়াৰে উত্তীৰ্ণ হৈছে ২লাখ ২১ হাজাৰ ৭৫৬জন। প্ৰথম বিভাগত উত্তীণ হৈছে ৪৮,২৭৮জন। উল্লেখ যে ২০১৯বর্ষত উত্তীণ হাৰ আছিল ৬০.২৩ শতাংশ।লৰা ৬২.৬৯ শতাংশ ছোৱালী ৫৭.৯৯ শতাংশ উত্তীৰ্ণ হৈছে।
মেট্ৰিকৰ ফলাফল : কোন জিলা জিলিকিল
এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত অৱস্থান কৰিলে শিৱসাগৰ জিলাই।সৰ্বমুঠ ৮৩.৯২% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত অৱস্থান কৰিছে জিলাখনে। উল্লেখ্য যে জিলাখনৰ পৰা মুঠ অৱৰ্তীন হৈছিল ১১,০২৩ গৰাকী ছাত্র ছাত্ৰী,ইয়াৰে উত্তীৰ্ণ হৈছে ৯২৫১জন।প্ৰথম বিভাগত ২৮৬০, দ্বিতীয় বিভাগত ৩৩৭৭ উত্তীৰ্ণ হোৱাৰ বিপৰীতে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৩০১৪ গৰাকী ছাত্র ছাত্ৰী।
আনহাতে ৪৪.২০%উত্তীৰ্ণৰ হাৰেৰে সৰ্বনিম্ন স্থানত অৱস্থান কৰিছে ধুবুৰী জিলাই। উল্লেখ্য যে জিলা খনৰ পৰা অৱৰ্তীন হৈছিল সৰ্বমুঠ ১৮৮২৩জন ছাত্র ছাত্ৰী ইয়াৰে উত্তীৰ্ণ হৈছে ৮৩১৯জন।প্ৰথম বিভাগত ১৭৭১জন দ্বিতীয় বিভাগত ৩০২৫জন আৰু তৃতীয় বিভাগ উত্তীৰ্ণ হয় ৩৫২৩ গৰাকী ছাত্ৰ ছাত্ৰী।
মেট্ৰিকৰ শীর্ষ ১০ত কোন কোন জানি লওঁক:মুঠ আছে ৪২গৰাকী
শীর্ষ ১০ত থকা সকল হৈছে।প্ৰথম স্থান দখল কৰিছে ধৃতিৰাজ বাস্তৱ কলিত।পদুম পুখুৰীৰ হাইস্কুল, দৰং।লাভ কৰিছে ৫৯৫নম্বৰ।
#দ্বিতীয় স্থান দখল কৰিছে অলংকিতা গৌতম বৰুৱা, চল্ট ব্রক একাডেমী, ডিব্ৰুগড় লাভ কৰিছে ৫৯৪ নম্বৰ।
#তৃতীয় স্থান দখল কৰিছে তিনিগৰাকীয়ে। দেৱীষ্মা প্ৰিয়া বৰা(জ্ঞান জ্যোতি একাডেমী, নাৰায়ণপূৰ), জ্যোতিষ্মান দেৱ শৰ্মা (শংকৰদেৱ শিশু বিদ্যা নিকেতন, নলবাৰী) চাকি জি বুলতন (চেইণ্ট মেৰী স্কুল, গুৱাহাটী)
লাভ কৰিছে ৫৯১ নম্বৰ।
#চতুৰ্থ স্থান দখল কৰিছে দুগৰাকীয়ে। নমস্যা ডেকা (লিটল ফ্লাৱাৰ স্কুল নলবাৰী) আৰু হীয়াশ্ৰী শৰ্মা (দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়)
লাভ কৰিছে ৫৯০ নম্বৰ।
#পঞ্চম স্থান দখল কৰিছে তিনিগৰাকীয়ে। মানস উত্তম নেওগ (নীলমণি আদৰ্শ জাতীয় বিদ্যালয়, ডিব্ৰুগড়), অংকুৰজ্যোতি বেজবৰুৱা(উদয়ন শান্তি নিকেতন, বেজেৰা) আৰু হিৰক জ্যোতি বৈশ্য(কাৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী), লাভ কৰিছে ৫৮৯নম্বৰ।
#ষষ্ঠ স্থান দখল কৰিছে চাৰি গৰাকীয়ে। হৰ্ষবৰ্ধন মহেশ্বৰী, (মাৰিয়ান হাইস্কুল বৰপেটা), হৰিদ্ৰ বৰা(Sacred heart high school, গোলাঘাট), ৰনোজ জ্যোতি বৰুৱা (জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপূৰ) আৰু হিমাশ্ৰী বৰুৱা (ফুলেশ্বৰী গাৰ্লছ হাইস্কুল, শিৱসাগৰ)।
লাভ কৰিছে ৫৮৮ নম্বৰ।
#সপ্তম স্থান দখল কৰিছে দুগৰাকীয়ে। অভিলাসা দত্ত (চেইণ্ট মেৰিছ হাইস্কুল, উত্তৰ লখিমপুৰ) আৰু জালক জালান (চেইণ্ট এণ্টনী ইংলিছ স্কুল, নগাওঁ)। লাভ কৰিছে ৫৮৭নম্বৰ।
#অষ্টম স্থান দখল কৰিছে পাঁচ গৰাকীয়ে। অনিশা ৰয় (হলি ক্ৰছ হায়াৰ চেকেণ্ডাৰী স্কুল, কাছাৰ), নিখিলেশ দত্ত (শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া), চিমৰণ বৰা (ব্ৰুক ফিল্ড স্কুল, লখিমপুৰ), অন্তৰিক্স হাজৰিকা(নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতন, শিৱসাগৰ) আৰু অন্বেষা চক্ৰৱৰ্তী(ডনবস্ক হাইস্কুল, দুমডুমা)।লাভ কৰিছে ৫৮৬ নম্বৰ।
#নৱম স্থান দখল কৰিছে ১১ গৰাকীয়ে। ভৃগু মোহন কুমাৰ(শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, দৰং), ৰাজদ্বীপ বৰুৱা (শংকৰদেৱ শিশু নিকেতন, কাকডোঙা), নিহাৰিকা ভৰালী(গোলাঘাট জাতীয় বিদ্যালয়), শিল্পী শিখা ডেকা (পলাশতল কাছমাৰী হাইস্কুল, নগাওঁ), মাছুম মেহতাব(শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, নলবাৰী), ইমন বৈশ্য (শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, নলবাৰী), অভিনৱ গগৈ (চেইণ্ট জোচেফ হাইস্কুল, মৰাণহাত, শিৱসাগৰ), অবিনাশ কেউত (চেইণ্ট ষ্টেফন্স হাইস্কুল, তিনিচুকীয়া), অনন্যা মেধি (অসম জাতীয় বিদ্যালয়, নুনমাটি) আৰু নিৰজ খেতন (হেপী চাইল্ড হাইস্কুল, গুৱাহাটী)।লাভ কৰিছে ৫৮৫ নম্বৰ।
#দশম স্থান দখল কৰিছে ১১ গৰাকীয়ে। পুজা বেনাৰ্জী (শংকৰদেৱ শিশু নিকেতন, বৰপেটা), প্ৰেৰণা ডেকা (বঙাইগাঁও হাইস্কুল), পৰশা তচনিম বৰভূঞা (শিলচৰ কলেজিয়েট স্কুল), অনিন্দিতা কোঁৱৰ (চেইণ্ট জেভিয়াৰ স্কুল, ডিব্ৰুগড়), ভাৰ্গব জ্যোতি দাস (শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া), দ্বীৱাইজ বিকাশ (চেইণ্ট মেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ), অংকিতা দে (গুড সমৃতান ইংলিছ হাই স্কুল good Samaritan English high school, নগাওঁ), ঋত্বিকা কুমাৰ সূত (প্ৰাঞ্জল মেমৰিয়েল একাডেমী, নগাওঁ), শশাংক হালৈ (আনন্দ বিদ্যা নিকেতন, নলবাৰী) আৰু মিচবাহুল কৰিম (লিটল ষ্টাৰ স্কুল,শোণিতপুৰ) লাভ কৰিছে ৫৮৪ নম্বৰঅলিন্দিতা কলিতা, (শংকৰদেৱ শিশু বিদ্যা নিকেতন, ডিফু) লাভ কৰিছে মুঠ ৫৮৪ নম্বৰ ।
মুঠ ৪২ গৰাকীয়ে লাভ কৰিছে শীর্ষ ১০ত ।













