ASSAM TIMES POST
নিউজ ডেস্ক:
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত সু-খ্যাতিৰে উত্তীণ হোৱা প্ৰতিজন ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জনাই ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ শুনোৱালে।উত্তীণ ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা জনাই সোনোৱালে কয় ” ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত সফলতা অৰ্জন কৰা শিক্ষাৰ্থী বন্ধুসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।এতিয়া তোমালোকে নতুন উদ্যমেৰে আগুৱাই যাব লাগিব”।
“আশা কৰামতে ফলাফল দাঙি ধৰিব নোৱাৰা শিক্ষাৰ্থীসকল হতাশ হ’ব নালাগে। কাৰণ, কঠোৰ পৰিশ্ৰম আৰু সাধনাই তোমালোকৰ জীৱনতো এদিন নিশ্চিতভাৱে সফলতা কঢ়িয়াই আনিব”-সোনোৱালে কয়।













