ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্য ভিতৰত চৰকাৰী খণ্ডৰ ১৭খন বিদ্যালয়ে উত্তীণ কৰিব নোৱাৰিলে এজনো ছাত্ৰ-ছাত্ৰী।ফলত উক্ত বিদ্যালয় কেইখন অহা ৭২ঘন্টা ভিতৰত বন্ধ কৰা হব”-এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
গুৱাহাটীত আজি এক সংবাদ মেল সম্বোধন কৰি শিক্ষামন্ত্ৰী কয় “যিসকল শিক্ষক সেই সমূহ বিদ্যালয়ত আছে তেওঁলোকক অন্য ভাল বিদ্যালয়লৈ বদলি কৰা হব আৰু ছাত্ৰ-ছাত্ৰীৰ সকলক কাষৰ বিদ্যালয়ত নামভৰ্তি কৰোৱা হব”।
উল্লেখ যে শনিবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্য চৰকাৰী খণ্ড বিদ্যালয়ে পূৰ্বৰ তুলনাত ভাল ফলাফল দেখোৱা বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মা কয় -যোৱা বছৰ ১০০% উত্তীণ চৰকাৰীৰ বিদ্যালয় আছিল ৫৪খন।এইবাৰ সংখ্যা ১০৯খনলৈ বৃদ্ধি পালে।
৯০-১০০%উত্তীণ বিদ্যালয় আছিল ৩৮৬খন।এইবাৰ ৫০৩খন লৈ বৃদ্ধি পালে।শূণ্য পৰা ১০% উত্তীণ বিদ্যালয় পূর্বতে ৯২খন আছিল বৰ্তমান ৩৩ খনলৈ হ্ৰাস পালে।একেদৰে পূৰ্ব বছৰত শূণ্য শতাংশ উত্তীণ চৰকাৰী বিদ্যালয় আছিল ২১খন বৰ্তমান ১৭খনলৈ হ্ৰাস পালে।প্ৰথমবাৰৰ বাবে অনলাইন পদ্ধতিত ঘোষণা হোৱা মেট্ৰিক পৰীক্ষাত কোনো ক্ৰুটি বিচুটি ৰৈ নোযোৱা বাবে চেবাক ধন্যবাদ জনাই মন্ত্ৰী শৰ্মাই।
আনহাতে আজি সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টেট শিক্ষকসকলৰ সন্দৰ্ভতো বিশেষ মন্তব্য কৰে। ৰাজ্যত সৰ্বশিক্ষাৰ অধীনত সেৱা আগবঢ়াই থকা ২৯,৭০১ জন শিক্ষকৰ চাকৰি কাল ৬০ বছৰ পৰ্যন্ত বাহাল থাকিব বুলি মন্ত্ৰী শৰ্মাই ঘোষণা কৰে। আনকি চৰকাৰী কৰ্মচাৰীয়ে পোৱা সকলো সুবিধা লাভ কৰিব। প্ৰতিবছৰে চৰকাৰী কৰ্মচাৰীৰ দৰে দৰমহা প্ৰতি বছৰে বৃদ্ধি পাব। ডি এ লাভ কৰিব। সকলো সুবিধা লাভ কৰিব। আনকি বেংকৰ পৰা লোনো লাভ কৰিব।
সেইদৰে ১১,২০৬ গৰাকী ষ্টেট পুল শিক্ষকে ৰাজ্য চৰকাৰৰ পৰা যি দৰমহা লাভ কৰিছিল, সেই দৰমহাৰ পৰিৱৰ্তে ১ জুনৰ পৰা কাৰ্যকাৰী হোৱাকৈ চৰকাৰৰ ৰেগুলাৰ পে স্কেল লাভ কৰিব। তেওঁলোকৰো দৰমহা প্ৰতি বছৰে বাঢ়িব। সেইদৰে ৬০ বছৰলৈকে বাহাল থাকিব তেওঁলোকৰো চাকৰি।
ইয়াৰ লগে লগে ৰাজ্য চৰকাৰে আজিৰ পৰা এই সকল শিক্ষকৰ চাকৰি ৬০ বছৰলৈকে নিশ্চিতি প্ৰদান কৰিলে। ফলত নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ ৰাজ্য চৰকাৰ সক্ষম হ’ল বুলি দাবী কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইয়াৰ উপৰিও হাইস্কুলৰ ঠিকা ভিত্তিক শিক্ষকসকলেও নিয়মীয়া শিক্ষকৰ সমহাৰত দৰমহা লাভ কৰিব। সেইদৰে চাকৰি কাৰ্যকাল ৬০ বছৰ পৰ্যন্ত বাহাল থাকিব। লগতে চৰকাৰী শিক্ষকে লাভ কৰা সকলো সুবিধা লাভ কৰিব।
শিক্ষা বিভাগৰ ইতিবাচক সিদ্ধান্তৰ অভিলেখ :
আজি ভালেসংখ্যক ইতিবাচক ঘোষণা তথা সিদ্ধান্তৰে অভিলেখ ৰচিলে শিক্ষা বিভাগে ।
১) covid 19 পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰাদেশিকৃত মহাবিদ্যালয়ত সকলো ছাত্র ছাত্ৰীৰ এইবাৰ বিনামূলীয়া নাম ভৰ্তি । অধ্যক্ষই ছাত্ৰ-ছাত্ৰীৰ পৰা কোনোধৰণৰ ফীজ ল’ব নোৱাৰিব ।
২) মেডিকেল-ইঞ্জিনীয়াৰিঙতো এইবাৰ হ’ব বিনামূলীয়া নামভৰ্তি ।
৩) মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণসকলক এইবাৰ আনন্দৰাম বৰুৱা বঁটাৰ পৰিবৰ্তে ২০ হেজাৰ টকাকৈ নগদ ধন চৰকাৰে প্ৰদান কৰিব । ৩০ আগষ্টৰ ভিতৰত সকলোৰে বেংক একাউণ্টত জমা হ’ব এই ধন ।
৪) বিশ্ববিদ্যালয়ৰ নামভৰ্তিও এইবাৰ হ’ব বিনামূলীয়া ।
৫) হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকসকলৰ ৬০ বছৰ বয়সলৈ চাকৰি নিয়মীয়া কৰাৰ লগতে অন্যান্য চৰকাৰী কৰ্মচাৰীৰ দৰেই সকলো সা-সুবিধা দিয়াৰ সিদ্ধান্ত ।
৬) হোষ্টেলৰ আবাসীৰ মেছ ডিউজ হিচাপে প্ৰতি মাহে ১০০০ টকাকৈ দিয়াৰ লগতে কিতাপ ক্ৰয়ৰ বাবে ১০০০ টকা দিব চৰকাৰে ।
৭) ব্যক্তিগত আৰু চৰকাৰী স্কুলত অসমীয়া ভাষা দশম শ্ৰেণীলৈকে বাধ্যতামূলক ।
৮) অনিয়মীয়া ৪৬ হেজাৰৰো অধিক শিক্ষকৰ চাকৰি ৬০ বছৰ বয়সলৈ নিয়মীয়া কৰা হ’ল । লগতে সকলো চৰকাৰী সুবিধা তেওঁলোকে লাভ কৰিব এতিয়াৰে পৰা ।













