ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home literature Poems

কবিতা

ASSAM TIMES POST by ASSAM TIMES POST
August 6, 2019
Reading Time: 3 mins read
A A
0
sky1 poem final | ASSAM TIMES POST

Untitled 1 | ASSAM TIMES POST

RELATED POSTS

“আইৰ_বাবেই মই_সেউজীয়া”

কবিক কোনো সংজ্ঞাই বান্ধিব নোৱাৰে : ডঃ নগেন শইকীয়া

বোকাখাতত কবি অজিত গগৈ লৈ ৰঘুনাথ চৌধাৰী স্মৃতি বঁটাঃ দুখনকৈ গ্ৰন্থ উন্মোচন

অন্তৰ্দাহ
অনামিকা দত্ত

দুখবোৰ বুকুত সামৰি থবা
কোনেও নেদেখাকৈ

বিষাদবোৰ হাঁহিৰে ঢাকি থবা
কোনেও নজনাকৈ৷
ফোনঃ ৯১০১১৪৪৮৪৩
******************

তোমাৰ পানীপিয়া চহৰত
চন্দনা ভাগৱতী

তোমাৰ পানীপিয়া চহৰত
সোণোৱালী ঠিকনা এটিৰ হাবিয়াসত
মোৰ অবাধ বিচৰণ
সেয়েতো মোৰ হৃদয়িক আস্ফালন

এজাক বৰষুণৰ বৰ প্ৰয়োজন
আহো বুলিলেই আহে
নাহো বুলিলেইছোন…
মিছা তৰ্জন, গৰ্জন….
সেয়েটো, মাটিয়েওঁ ছিৰাল ফাট মেলে

মোৰ দেহত পিছে,
বৰষুণৰ সুকোমল সুগন্ধ

সেই গোন্ধতেই হিয়া পখালি
সুৰেৰে গুণগুণাই
বুকুত এটি সুখৰ চৰাই ।।।
*******************

তুমি নুবুজিবা বিয়েট্ৰিছ
বাসন্তী বৰ্মণ পাঠক

ইমান শুভাকাংখী
ইমানবোৰ আত্মীয়-স্বজন
আৰু আছে জীৱন সংগী,
তৎসত্বেও মই
নিঃসংগ হৈ ৰ’লোঁ
গোটেই জীৱন—মাথোঁ তোমাৰ বাবেই
তুমি নুবুজিবা বিয়েট্ৰিছ!

তোমাৰ টিকটিকীয়া ৰঙা শাৰীৰ
ভাঁজে ভাঁজে ভাঁজ খাইছিল
মোৰ হিয়াৰ নিভৃতকুঞ্জৰ
টিকটিকীয়া ৰঙা সপোনবোৰে
সংগোপনে
মই নজনাকে,
তুমি নুবুজাকে,
তোমাক নুবুজাকৈয়ে…।

সুদীৰ্ঘ ন বছৰ পাছত
এটি ছয়াময়া সপোন যেন…।

ধকধকীয়া বগা সাজ পিন্ধি
তুমি ক’লৈ গৈছিলা বিয়েট্ৰিছ মই নাজানো
তোমাক দেখি মোৰ কিয় ইমান
লাজ লাগিছিল ক’ব নোৱাৰো,
কিয় মোৰ সৰ্ব শৰীৰ
থঁৰথঁৰকৈ কঁপিছিল নুবুজোঁ,
হয়তো মোৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
তুমি বিয়পি পৰিছিলা।

তোমাৰ সেই অপ্ৰত্যাশিত নমস্কাৰত
মই তন্দ্ৰাভিভূত হৈ পৰিছিলোঁ
তোমাৰ মোহময়ী প্ৰতিচ্ছবিয়ে মোক
মোহাচ্ছন্ন কৰি পেলাইছিল
আৰু তুমি কি কৰিলা…
এটা নষ্ট সপোনৰ দৰে আঁতৰি গ’লা।

তুমিয়েই মোৰ ভাব সাগৰৰ দেৱীমূৰ্তি
পোৱা আৰু পাই হেৰুওৱা
সপোনপুৰীৰ ৰূপকুঁৱৰী,
তুমি বুজিবাইবা কেনেকৈ
তিলতিলকৈ মই কিদৰে জীয়াই আছোঁ
দিন-ৰাতি একাকাৰ কৰি,

তুমি নুবুজিবা বিয়েট্ৰিছ!
**********************

নিঃকিন নিনাদ
অনুপ অসমীয়া

কেনেকৈ যে
বিষে উকটে বিষক
ছাইৰ দমত ছটফটাই দহে
এচকল কলিজাই!
কেনেকৈ যে
পৰিচয় আঁ‌কে তেজে
কবিতাত
আঙুলিৰ বোলেৰে
“আদমখ’ৰৰ অধ্যায়ত
বিষাদ, ব্যৰ্থতা..”!
*********************

জীৱন
কাব্যনীল

উঁইপৰুৱাৰ দৰে কিবা এটাই মোক কুটি আছে
হাড় আৰু মজ্জাত গঢ়ি তুলিছে ঘৰ-সম্পত্তি।
আজি লিখা কবিতাৰ শব্দবোৰ সিহঁতে কুটি খায়।
মাৰিবলৈ ভয় লাগে, একেই আমি জীৱ।
সিহঁতক বুজাবলৈ মোৰ কোনো অভিধান নাই।
মই চিকুটি অনা শব্দবোৰ সিহঁতৰ বাবে প্ৰটিন।
লাহে-লাহে মোৰ চাৰিওফালে এটা উঁইৰ হাঁফলু
চকু দুটাৰ বাহিৰে একো নাই
লৰচৰ কৰিব নোৱাৰা এটা প্ৰকাণ্ড শৰীৰ।
মোৰ বুলিবলৈ অথবা মৌলিক অধিকাৰ বিনষ্ট
তাৰ পৰা ভাঙি ছিগি ওলাই আহিম নে
একেবাৰে ভিতৰলৈ সোমাই যাম!!
এক জটিল প্ৰশ্ন।
**********************

ৰক্তাক্ত আজি মমতাৰ কলিজা
বন্দনা নাথ ঠাকুৰীয়া

তৰ্জুত নাই আজিও হিচাপৰ দগা
যাৰ দ্বাৰা মোক জুখিব পাৰিবি।
মোৰ দেহত আছে অসীম শক্তি ।
সীমাহীন বোজা নিৰৱে ল’ব পৰা৷
মোৰ মমতাৰ ছাঁত থাকি
কিয় আজি মোকে ক’ৰ উলঙ্গ?
মোৰ ক্ষত-বিক্ষত দেহত
তহঁতৰে হ’ব অনিষ্ট।
পাহাৰৰ বুকুত প্ৰাণৰ সঞ্জীৱন।
সেউজীয়া বুকুত তহঁতৰ জীৱন।
সময়ৰ হাঁতুৰি নিষ্ঠুৰ প্ৰহাৰত
এদিন ৰ’বজানো তহঁতৰ সঠিক ঠিকনা?
তহঁতেই পাতিছ ধ্বংসৰ যজ্ঞ ।
প্ৰকাণ্ড প্ৰলয়ত সৰ্বস্ব শূন্য হৈ ৰ’ব৷
জীৱনদাত্ৰী মা, মই বসুনন্ধৰা৷
তহঁতৰ মৰমতেই আছে মোৰ জীৱন গাঁথা।
মৰমেৰে, সেয়ে তহতক দিলোঁ সকীয়াই
আমন্ত্ৰণ নকৰি ছুনামিক, শান্তিৰে থাক জীয়াই৷
************************

আজি মৃত-দিনৰ কবৰ এটা মোৰ বুকুত
উৎপল ভট্টাচাৰ্য

আকাশত চাং পাতি
কবিতা এসোপা ৰ’দাবলৈ দিছিলোঁ পুৱাতে আজি।

দুপৰলৈ কবিতা বোৰ পকা বেলটোৰ দৰে গোন্ধাইছে।
গোন্ধত মতলীয়া হৈ ম‌ই
উনৈশত বা- বলাই থাকোতে
আকাশখনে কজলা সাজ সলালে।

কবিতাবোৰ ডলাৰ বগৰী হৈ
যেনি -তেনি বাগৰি ঠিকনা হেৰুৱালে।

দিনটোৰ উশাহৰ দ’ম চুটিল….

ৰিখতাৰস্কেলৰ শেষ সীমা চোঁও চোঁও কৰা ভূমিকম্পত
দিনটোক কবৰ দিব পৰা এটা গাঁত মোৰ বুকুত।

মৃত-দিনৰ কবৰত
ম‌ই মোৰ কবিতাবোৰ বিসৰ্জন দিওঁ কেনেকৈ?
ফোনঃ ৯১০১৫৩৯৬০৪
***********************

আশাৰ পানচৈ
টেজেন হাজৰিকা

আকাংক্ষাৰে জীৱন উপভোগ্য নহয়
সময়ৰ সত্য আহ্বানক নেওচি
কোনো কাৰো আলহী নহয়
দূৰে দূৰে থাকিও জীৱন মধুৰ হয়
কাষত থাকিও অপূৰ্ণ হয় হৃদয়

মনৰ গহনত তুমি মোৰ আশ্ৰয়
দুখৰ সিপাৰে সুখৰ আলয়
তোমাৰ মৌন উঠেও
মোৰ বুকুত তোলে
সাগৰৰ অনন্ত জোৱাৰ
নিঃসংগ সময়ৰ অৱবাহিকাত
জীৱনে বিশ্ৰাম লয়
তোমাৰ প্ৰশান্ত কোলাত

দুখবোৰ সুখ হৈ উলটিব
যিদিনা তোমাৰ প্ৰনয়েৰে
মুখৰিত হ’ব মোৰ একাকীত্ব।

Untitled 2 1 | ASSAM TIMES POST

Share107Tweet3Send

Related Posts

“আইৰ_বাবেই মই_সেউজীয়া”
ALL NEWS

“আইৰ_বাবেই মই_সেউজীয়া”

by ASSAM TIMES POST
May 12, 2020
50
কবিক কোনো সংজ্ঞাই বান্ধিব নোৱাৰে : ডঃ নগেন শইকীয়া
ALL NEWS

কবিক কোনো সংজ্ঞাই বান্ধিব নোৱাৰে : ডঃ নগেন শইকীয়া

by ASSAM TIMES POST
March 14, 2020
50
বোকাখাতত কবি অজিত গগৈ লৈ ৰঘুনাথ চৌধাৰী স্মৃতি বঁটাঃ দুখনকৈ গ্ৰন্থ উন্মোচন
ALL NEWS

বোকাখাতত কবি অজিত গগৈ লৈ ৰঘুনাথ চৌধাৰী স্মৃতি বঁটাঃ দুখনকৈ গ্ৰন্থ উন্মোচন

by ASSAM TIMES POST
November 21, 2019
50
বোকাখাত মহকুমা কবি সন্মিলনৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যসূচী “কাব্যদিন” উদযাপন
ALL NEWS

বোকাখাত মহকুমা কবি সন্মিলনৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যসূচী “কাব্যদিন” উদযাপন

by ASSAM TIMES POST
November 10, 2019
50
sky1 poem final | ASSAM TIMES POST
ALL NEWS

-কবিতা-

by ASSAM TIMES POST
September 18, 2019
50
কবিতা
ALL NEWS

কবিতা

by ASSAM TIMES POST
August 25, 2019
50
ADVERTISEMENT
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx