ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত কবি অজিত গগৈ লৈ ৰঘুনাথ চৌধাৰী স্মৃতি বঁটাঃ দুখনকৈ গ্ৰন্থ উন্মোচন

ASSAM TIMES POST by ASSAM TIMES POST
November 21, 2019
Reading Time: 1 min read
A A
0
বোকাখাতত কবি অজিত গগৈ লৈ ৰঘুনাথ চৌধাৰী স্মৃতি বঁটাঃ দুখনকৈ গ্ৰন্থ উন্মোচন

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

 বোকাখাতঃ ৰাজ্যখনৰ অগ্ৰণী সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী, অসমৰ নবেম্বৰ মাহৰ সাহিত্য আলাপ আৰু বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস দিনজোৰা কাৰ্যসূচীৰে বোকাখাত পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়৷ বিৰিণা গোষ্ঠী, অসমৰ সভাপতি লীলাধৰ পাঠকে পতাকা উত্তোলন কৰাৰ পাছতে অনুষ্ঠিত হয় ‘বিৰিণা বৈভৱ’ শীৰ্ষক প্ৰতিমহীয়া সাহিত্য আলাপ আৰু বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতিচাৰণ সভা।

WhatsApp Image 2019 11 21 at 09.00.36 1 1 | ASSAM TIMES POST

উক্ত অনুষ্ঠানতে প্ৰতি বছৰৰ দৰে এইবেলি ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা প্ৰদান কৰা হয় বোকাখাতৰ বিশিষ্ট কবি-গল্পকাৰ অজিৎ গগৈক। বঁটাত আছে এখন বিৰিণা গোষ্ঠীৰ নাম সম্বলিত গামোচা, এখন চেলেং, এটা জাপি, এটা পিতলৰ ষ্টেণ্ড জাপি, বিৰিণাৰ দ্বাৰা প্ৰকাশিত এটি কিতাপৰ টোপোলা আৰু অভিনন্দন পত্ৰ। বিশিষ্ট কবি মুকুট শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোত বন্তি প্ৰজ্বলন আৰু ৰঘুনাথ চৌধাৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বোকাখাত মহকুমা আৰক্ষী বিষয়া ডাঃ কল্যাণ কুমাৰ দাসে। বিৰিণা গোষ্ঠীৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্য কৰা অনুষ্ঠানটো উদ্বোধন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে৷ বিৰিণা গোষ্ঠীৰ উপদেষ্টা ৰত্নেশ্বৰ মৰাঙে আদৰণি ভাষণ প্ৰদান কৰা

অনুষ্ঠানটোত সুৰজ চন্দনৰ দ্বাৰা সম্পাদিত বিৰিণাৰ তিনিমহীয়া কাব্য আলোচনী ‘বীথিকা’ ৰ বিশেষ শাৰদীয় সংখ্যাটো উন্মোচন কৰে বিশিষ্ট কবি শৰৎ হাজৰিকাই। উক্ত অনুষ্ঠানতে বৰপেটাৰ বিশিষ্ট কবি তফিকুৰ ৰহমানৰ ক্ষুদ্ৰ কাব্যপুথি ‘ঢৌ’ উন্মোচন কৰে বিশিষ্ট কবি-লেখক মুহী শইকীয়াই। অতুল বেজবৰুৱাৰ লোকগীতেৰে আৰম্ভ কৰা অনুষ্ঠানটোত বৰপেটাৰ বিশিষ্ট লেখক ৰোহিণী কুমাৰ দাসে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বিহগী কবি ৰঘুনাথ চৌধাৰীৰ জীৱন দৰ্শনৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়ায়। কেইবাগৰাকী স্থানীয় সাংবাদিক উপস্থিত থকা অনুষ্ঠানটোত গোলাঘাট কবি সন্মিলনৰ সদৰ সম্পাদিকা হেমা চৌধুৰী গগৈ, বোকাখাত কবি সন্মিলনৰ সভাপতি আৰু সম্পাদিকা ক্ৰমে অমৰ শৰ্মা আৰু মনালিছা শইকীয়া, বোকাখাত পুৱতি সাহিত্য সভাৰ উপদেষ্টা মনোৰঞ্জন সেন, গোলাঘাট জিলা কবি সন্মিলনৰ সম্পাদক দীপ হেষ্টিংছ বৰি, বিৰিণা গোষ্ঠীৰ নগাঁও জিলাৰ সমন্বয়ক ডাঃ চিৰাজুল ইছলাম, বিশেষ প্ৰতিনিধি গোবিন কাকতি, হাছিনা মমতাজ, জেচমিন হুছেইন, জুম্পী কলিতা, আতিকুৰ ৰহমান, জেহেৰুল ইছলাম, চেলিম মালিক, মনোজ কৰ্মকাৰ, চানবৰ আলী, ভাস্কৰ কালিন্দী, ঊষাজোন ফুকন, ইলিয়াচ আলী, খনিন পাঠক, ৰূপম পাঠককে আদি কৰি নলবাৰী, বৰপেটা, কামৰূপ, নগাঁও, গোলাঘাট আদি কেইবাখনো জিলাৰ পৰা অহা ডেৰকুৰি কবি-লেখকে কবিতা পাঠ আৰু বিহগী কবি গৰাকীৰ স্মৃতিচাৰণ কৰি অনুষ্ঠানটোক জীপাল কৰে। নৃত্যশিল্পী দিপালী ডেকা আৰু প্ৰতিভা বৰ্মনৰ নৃত্য আৰু বৰ্ষাগ্নি ডেকাৰ গীতে সকলোকে মুগ্ধ কৰে।

কথা-কবিতা, গীত-নৃত্যৰে জীপাল কৰা অনুষ্ঠানটোৰ আহ্বায়ক পপী শইকীয়াই শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে। উল্লেখ্য যে বিৰিণা গোষ্ঠী, অসমে প্ৰতিমাহৰ এটা বিশেষ দিনত অসমৰ এগৰাকী কবি-সাহিত্যিক-সাংস্কৃতিক সাধকৰ জন্ম অথবা মৃত্যু তিথিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰতিমহীয়া সাহিত্য আলাপ ‘বিৰণা বৈভৱ’ আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰি আহিছে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

by News Desk
August 15, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati
NORTHEAST

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

by News Desk
August 13, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
ADVERTISEMENT
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx