ASSAM TIMES POST
বকলীয়াঘাটঃ ২০১৮ চনৰ ৮ জুনত ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত কাংথিলাংছ’ত একাংশ অন্ধবিশ্বাসী লোকে সোপাধৰাৰ সন্দহত দুই উদীয়মান শিল্পী ক্ৰমে অভিজিৎ নাথ আৰু নীলোৎপল দাসক নৃশংসভাৱে হত্যা কৰা ঘটনাৰ সন্দৰ্ভত সাক্ষীয়ে আদালতত শেহতীয়াকৈ ভাষ্য সলনি কৰাৰ পিছত ডকমকা আৰক্ষী থানাত আজি এই সন্দৰ্ভত পঞ্জীয়ন হৈছে এক গোচৰ।
সাক্ষীক ভাষ্য সলনি কৰাৰ বাবে প্ৰভাৱিত কৰিৰ অভিযোগত অভিজিতৰ পিতৃ অজিত কুমাৰ নাথ আজি ডকমকা আৰক্ষী থানাত উপস্থিত হৈ চাৰিজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
এজাহাৰত আৰকই ইংতি কাথাৰ, চাৰলংকি ইংতি, বাবুছিং ইংতি আৰু বিষ্ণুৰাম খাখলাৰীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰা হয়। অভিজিতৰ পিতৃৰ অভিযোগৰ ভিত্তিত ডকমকা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০ডি/১৯৫এৰ অধীনত ৫৩/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে ।













