বিশেষ প্ৰতিবেদন:
লক্ষ্ণৌত চিএছআইআৰৰ চেণ্ট্ৰেল ড্রাগ ৰিছার্চ ইনষ্টিটিউটৰ (চিডিআৰআই) লেবৰেটৰিত উমিফেনোভিৰ ঔষধক লৈ গৱেষণা চলিছে। এই ঔষুধৰ পৰ্যায়-৩ৰ ট্রায়েল হ’ব লক্ষ্ণৌৰ কিং জর্জ মেডিকেল ইউনিভাৰ্ছিটি, ডঃ ৰাম মনোহৰ লোহিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্স আৰু লক্ষ্ণৌ মেডিকেল কলেজ তথা হাস্পতালত।
ৰেমডেচিভিৰ, ইন্টাৰফেৰন, টোচিলিজুমাবৰ উপৰি কৰোনা চিকিৎসাৰ ট্রায়েলত আৰু এবিধ ঔষধক স্বীকৃতি দিলে ড্রাগ কন্ট্রোলে। ইনফ্লুয়েঞ্জা প্রতিৰোধী উমিফেনোভিৰ (Umifenovir) ঔষধে কৰোনা সংক্রমণ কমোৱাতো ভাল কাম কৰিছে বুলি দাবী। এই ঔষধৰ প্রথম দুই ট্রায়েলৰ ৰিপোর্ট সন্তোষজনক বুলি জনাইছে কেন্দ্রৰ বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয়ৰ অধীনস্থ কাউন্সিল অব ছায়েন্টিফিক এণ্ড ইন্ডাষ্ট্ৰিয়েল ৰিছার্চ (চিএছআইআৰ)-এ। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয় আৰু ড্রাগ কন্ট্রোলৰ অনুমোদনত এই ঔষধৰ তৃতীয় পর্যায়ৰ ট্রায়েল আৰম্ভ হ’বলৈ আগবাঢ়িছে।
কৰোনা থেৰাপিত কেনেদৰে কাম কৰিব উমিফেনোভিৰে?
উমিফেনোভিৰৰ ব্ৰেণ্ড নাম হ’ল আৰবিডল (Arbidol) । ই মূলত এণ্টিভাইৰেল ঔষধ যিয়ে ইনফ্লুয়েঞ্জাৰ দৰে সংক্রমণ ৰোধত কামত লাগে। এই ঔষধৰ নির্মাতা সংস্থা এটি ৰাছিয়ান কোম্পানি ফার্মষ্টেণ্ডার্ড। চীন আৰু ৰাছিয়াতেই এই ঔষধৰ ব্যৱহাৰ বেছি। মার্কিন ফুড এণ্ড ড্রাগ এডমিনিস্ট্রেচন (এফডিএ)-এ এই ঔষধক ইমার্জেন্সি মেডিচিনৰ তালিকাত নেপেলালেও, ভাইৰেল সংক্রমণৰ চিকিৎসাত এই ঔষধৰ প্রয়োগ কৰে চিকিৎসকসকলে।
উমিফেনোভিৰৰ কাম হ’ল ভাইৰাছৰ লিপিড-প্রোটিন মেমব্রেনক মানুহৰ দেহকোষৰ কোষপর্দাৰ সৈতে যুক্ত হোৱাত বাধা দিয়া। অর্থাৎ ভাইৰেল কেপচিড আৰু দেহকোষৰ ৰিচিপ্টৰৰ মাজত যি যোগসূত্র সৃষ্টি হয়, তাক ভাঙি দিব পাৰে এই ঔষধে। ছাৰ্ছ-কভ-২ ভাইৰাছৰ স্পাইক গ্লাইকোপ্রোটিন (S) দেহকোষৰ দুই ৰিচিপ্টৰ প্রোটিন যথা ACE2 ও CD147-ৰ সৈতে যুক্ত হৈ কোষৰ ভিতৰত সোমাব পাৰে। গৱেষকসকলে কৈছে, উমিফেনোভিৰে ভাইৰেল প্রোটিন আৰু দেহকোষৰ প্রোটিনৰ মাজৰ সেতুডালেই নষ্ট কৰি দিব পাৰে। ফলত ভাইৰাছে আৰু কোষত সোমাই প্রতিলিপি সৃষ্টি কৰি সংখ্যা বঢ়াব নোৱাৰে। শৰীৰত ভাইৰাছৰ বিভাজন যদি কমি যায় তেতিয়াহ’লে সংক্রমণ বিয়পি পৰাৰ সম্ভাৱনাও কমে। দেখা গৈছে, উমিফেনোভিৰ ডিএনএ ভাইৰাছৰ তুলনাত আৰএনএ ভাইৰাছৰ সংক্রমণ কমাবলৈ বেছি কার্যকৰীরী। এই গুণটোকেই কামত লগাব বিচাৰিছে বিজ্ঞানীসকলে।
চিএছআইআৰ-চিডিআৰআইৰ সঞ্চালক অধ্যাপক তাপস কুণ্ডুৱে কয়, উমিফেনোভিৰ কৰোনা চিকিৎসাত নিৰাপদ। ক্নিনিকেল ট্রায়েলতো দেখা গৈছে, এই ঔষুধৰ ক্রিয়া ৰোগীসকলৰ বাবেও সুৰক্ষিত। আনকি প্রোফাইলেকটিক ড্রাগ হিচাবেও উমিফেনোভিৰৰ ব্যৱহাৰ হ’ব পাৰে।
আনহাতে, চিএছআইআৰৰ ডিৰেক্টৰ জেনেৰেল ডক্টৰ শেখৰ চি মান্ডেই কয়, উমিফেনোভিৰৰ ট্রায়েল ৰিপোর্ট ভালৰ দিশেই। কৰোনা উপশমত এই ঔষধে কার্যকৰী ভূমিকা গ্ৰহণ কৰিব পাৰে। ভাৰততো এই ঔষধৰ উৎপাদন আৰম্ভ কৰিছে গোৱাৰ এটি কোম্পানি মেডিজ়েষ্ট ফার্মাচিউটিকেলছে। এই সংস্থাই ড্রাগ কন্ট্রোলৰ লাইচেন্সো লাভ কৰিছে।













