ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ আমৰেঙ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জিৰিকিনদেং ব্লক প্ৰাথমিক চিকিৎসা কেন্দ্ৰটোৰ দুৰৱস্থাই স্থানীয় ৰাইজক জ্বলা-কলা খুৱাইছে৷ চিকিৎসা কেন্দ্ৰটোত থকা বিভিন্ন ধৰণৰ অসুবিধাৰ বাবে ৰোগীসকলক উন্নতমানৰ চিকিৎসা প্ৰদানত সক্ষম হোৱা নাই স্বাস্থ্যকেন্দ্ৰটো৷
https://youtu.be/A8HMPQODRc0
স্বাস্থ্যকেন্দ্ৰটোত বহুদিন ধৰি পানী আৰু বিদ্যুত যোগান ব্যাহত থকাত কৰ্মচাৰীসকলে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ৰোগীসকলক উন্নত মানৰ স্বাস্থ্যসেৱা প্ৰদানত ব্যৰ্থ হোৱা কৰ্মচাৰীসকলে মাথোঁ দুৰ্বল ব্যৱস্থাৰে সেৱা আগবঢ়াই আহিছে৷ বিভিন্ন সময়ত স্বাস্থ্যকেন্দ্ৰটোত চিকিৎসক আৰু নাৰ্ছ নথকাৰ অভিযোগ উঠাৰ সমান্তৰালকৈ প্ৰসূতি আহিলে সা-সৰঞ্জাম নথকাৰ গইনা লৈ উন্নত চিকিৎসাৰ বাবে অন্য হাস্পতাললৈ ৰেফাৰ কৰি দিয়ে৷
আনহাতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ৰোগীসকলে পাবলগীয়া বিনামূলীয়া দৰৱ-পাতিও সময়মতে নোপোৱাৰ অভিযোগ উঠিছে৷ তাৰোপৰি, কোনো গুৰুত্বপূৰ্ণ ৰোগীক উন্নতমানৰ চিকিৎসা প্ৰদানৰ বাবে অন্যঠাইলৈ নিবলৈ ব্যৱহাৰ কৰা এম্বুলেন্সখনো বিগত কেইবাবছৰ ধৰি বেয়া হৈ থকাত ৰোগীসকলে জীয়াতু ভূগিবলগীয়া হৈছে৷













