ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিষ্ণু ৰাভা দিৱস আৰু কিছু চিন্তা

Press Desk by Press Desk
June 20, 2020
Reading Time: 1 min read
A A
0
বিষ্ণু ৰাভা দিৱস আৰু কিছু চিন্তা

আজিজুৰ ৰহমান হাজৰিকা

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

আজি সৈনিক শিল্পী, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫১ সংখ্যক মৃত্যু তিথি৷ সমগ্ৰ ৰাজ্যই এইগৰাকী স্বাধীনতা সংগ্ৰামী, সংগীত শিল্পী, সাহিত্যিকৰ মৃত্যু তিথিটো প্ৰতি বছৰে বিষ্ণু ৰাভা দিৱস হিচাপে উলহমালহেৰে পালন কৰে৷ কিন্তু এই বছৰ কৰোনা মহামাৰীৰ প্ৰকোপৰ বাবে ৰাজ্যত চৰকাৰী তথা বিভিন্ন দল-সংগঠনৰ উদ্যোগত অনুষ্টুপীয়াভাৱে হ’লেও এইগৰাকী মহান শিল্পীক মৃত্যু তিথিত শ্ৰদ্ধাৰে সুঁৱৰিছে৷

বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল প্ৰাক্‌-স্বাধীন ভাৰতৰ বেংগল প্ৰেছিডেন্সীৰ ঢাকাত ১৯০৯ চনৰ ৩১ জানুৱাৰীত৷ তেওঁ আছিল একেধাৰে সংগীত-নৃত্য-চিত্ৰ শিল্পী, সাহিত্যিক তথা ৰাজনীতিবিদ৷ তেওঁ আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী সেনানী৷

বিষ্ণু ৰাভাৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ মোছাহাৰী এগৰাকী বড়ো সম্প্ৰদায়ৰ লোক আছিল যদিও ৰাভা পৰিয়ালত ডাঙৰ-দীঘল হোৱাৰ বাবে ৰাভা উপাধি গ্ৰহণ কৰিছিল আৰু গোপাল চন্দ্ৰ ৰাভা হিচাপে জনাজাত হৈ পৰিছিল৷

বিষ্ণু ৰাভাই স্কুলীয়া শিক্ষা তেজপুৰ চৰকাৰী হাইস্কুলত গ্ৰহণ কৰিছিল যদিও উচ্চ শিক্ষাৰ বাবে তেওঁ পিছত কলিকতালৈ যায়৷ কলিকতাৰ ছেণ্ট পলছ কেথেড্ৰেল মিছন কলেজৰ পৰা আইএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বিএছচিৰ বাবে ৰিপন কলেজত নামভৰ্তি কৰে৷

ছাত্ৰ অৱস্থাৰে পৰাই বিষ্ণু ৰাভাই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত হৈ পৰে৷ ইয়াৰ পিছত তেওঁ কমিউনিষ্ট ধাৰাৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ সক্ৰিয় সদস্য হয়৷ কিন্তু কিছু মানসিক সংঘাতৰ বাবে তেওঁ পিছত ৰিভলুচনাৰী কমিউনিষ্ট পাৰ্টী অব ইণ্ডিয়া (আৰচিপিআই)ত যোগদান কৰে৷

১৯৫১ চনত, জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যুৰ পিছত তেওঁ ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সভাপতি হয়৷

তেওঁৰ সৃষ্টি ‘বেনো কোবাং’ অসমৰ বিভিন্ন জনগোষ্ঠীৰ এক ঐতিহাসিক দলিল৷ তেওঁৰ অন্যান্য সৃষ্টিৰাজিৰ ভিতৰত মিছিং কনেং, সোণপাহি, অসমীয়া কৃষ্টিৰ চমু আভাষ, অতীত অসম অন্যতম৷

জনতাৰ শিল্পী, কৃষক-বনুৱাৰ আজন্ম মুক্তিকামী বিষ্ণুৰাভাই ব্ৰিটিছৰ পৰা উপহাৰ হিচাপে লাভ কৰা ২৫০০ বিঘা মাটি হালোৱা-হজুৱাৰ বাবে দান কৰিছিল৷ তেওঁৰ অন্যতম শ্লোগান আছিল ‘হাল যাৰ মাটি তাৰ’৷ উল্লেখ্য যে বৰ্তমানৰ তেজপুৰ বিশ্ববিদ্যালয় তেওঁ দান কৰা মাটিৰ ওপৰতে প্ৰতিষ্ঠিত৷

ওৰেটো জীৱন তেওঁ বিৰামহীনভাৱে সাধাৰণ জনতাৰ হকেই কাম কৰি ঘূৰি ফুৰিছিল৷ তেওঁৰ উদাত্ত আৰু হৃদয়স্পৰ্শী ভাষণে সাধাৰণ জনতাক বাৰুকৈয়ে আকৃষ্ট কৰিছিল৷ তেওঁ দেশৰ তথাকথিত স্বাধীনতাক মানি ল’ব পৰা নাছিল৷ স্বাধীনতাৰ নামত দেশৰ খাটিখোৱা জনতাক পুনৰবাৰ ৰাজনৈতিক পৰাধীনতাৰ শিকলিৰে বন্ধাৰ কৌশলৰ বিৰোধিতা কৰিছিল৷ আৰু সেয়েহে কৈছিল, ‘ইয়ে আজাদী ঝুঠা হ্যে’৷ ইয়াৰ অন্যতম কাৰণ আছিল স্বাধীনতা লাভ কৰিলেও দেশৰ দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ লোকসকল একে অৱস্থাতেই থাকিব আৰু অসমখনে ঔপনিবেশিক ভাৰতৰ পৰা স্বাধীন হ’ব নোৱাৰে৷ তেওঁৰ মতে প্ৰকৃত স্বাধীনতা সংগ্ৰাম আৰম্ভ হ’ল ১৯৪৭ চনৰ পৰাহে৷ এগৰাকী ৰাজনীতিবিদৰ উপৰি তেওঁ আছিল তীক্ষ্ণ মেধাসম্পন্ন শিক্ষাবিদ আৰু গৱেষক৷

অসমৰ সংস্কৃতিৰ পথাৰখনত বিষ্ণু ৰাভাৰ সুবাস নজহা নপমা৷ তেওঁৰ অমৰ সৃষ্টি গীতসমূহে প্ৰতি নিয়ত দি যাব সত্য-শিৱ-সুন্দৰৰ সন্ধান, কৈ যাব মুক্তিকামী জনতাৰ হৃদয়ৰ ব্যথা, দেখুৱাই যাব দাসত্বৰ বান্ধোন ছিঙি সূৰ্যমুখী সপোন গঢ়াৰ ৰাস্তা৷

বিষ্ণু ৰাভাৰ কণ্ঠত বৰগীতে লাভ কৰিছিল এক অনন্য মাত্ৰা৷ তেওঁৰ কণ্ঠৰ যাদু আছিল অমিয়৷ শতাধিক গীতৰ গীতিকাৰ বিষ্ণু ৰাভাৰ গীতবোৰ আজিও বিষ্ণু ৰাভা সংগীতৰূপে সময় আৰু পৰিস্থিতিৰ লগত খাপ খোৱা চিৰ নতুন গান হিচাপে উজলি আছে৷ তেওঁৰ হাতৰ নিজৰি কাপ নিগৰি ওলোৱা প্ৰতিটো গীত আৰু কবিতাৰ দৰে তুলিকাৰো আছিল সমানেই সন্মোহিনী শক্তি৷ তেওঁ অংকন কৰা চিত্ৰ এতিয়াও তেজপুৰৰ বাসগৃহত সংগৃহীত আছে৷ বিষ্ণু ৰাভাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল শংকৰদেৱৰ অনন্য প্ৰতিকৃতি৷

তেজপুৰৰ বান থিয়েটাৰ আছিল বিষ্ণু ৰাভাৰ নাটকৰ কঠীয়াতলী৷ বিষ্ণু ৰাভাই অভিনয় কৰা বহুকেইখন কালজয়ী নাটকৰ গৰিমাৰে মহিমামণ্ডিত বান থিয়েটাৰ৷ ‘চিৰাজ’ আৰু ‘এৰাবাটৰ সুৰ’ কথাছবি দুখনৰ জৰিয়তে তেওঁৰ ছবি নিৰ্দেশক আৰু সংগীতকাৰৰ ভাবমূৰ্তিও প্ৰতিষ্ঠা কৰি গৈছে৷

অসমীয়া ছবি উদ্যোগৰ পথিকৃৎ জ্যোতিপ্ৰসাদৰ জয়মতী নিৰ্মাণৰ কামতো তেওঁ জড়িত আছিল৷

এইগৰাকী যুগনায়কৰ নিজৰ সপোনৰ সমাজ, সপোনৰ অসম, সপোনৰ ভাৰত গঢ়াৰ সপোন কিন্তু সপোন হৈয়ে ৰ’ল৷ মাত্ৰ ৬০ বছৰ বয়সতে নোপোৱাৰ বেদনা আৰু কৰিব নোৱাৰাৰ হুমুনিয়াহেৰে ১৯৬৯ চনৰ ২০ জুনত এই সংসাৰৰ মায়া ত্যাগ কৰে৷ বিষ্ণু ৰাভাৰ পাৰ্থিৱ শৰীৰ এই ধৰাৰ বুকুৰ পৰা নোহোৱা হ’লেও তেওঁৰ আদৰ্শ কিন্তু সদায় সজীৱ হৈ থাকিব৷ কৃষক-বনুৱাৰ দুখ-দুৰ্দশা নাতৰালৈকে বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা সদায় থাকিব৷ মৃত্যু বা জন্মদিনত কেৱল স্মৃতিচাৰণতে এইগৰাকী যুগদ্ৰষ্টাক সীমাবদ্ধ নাৰাখি আহক আমি সকলোৱে পণ লওঁ- এখন শ্ৰেণীহীন, বৰ্ণহীন, শোষক-শাসকহীন সমাজ গঢ়াৰ পথত অগ্ৰসৰ হওঁ৷

শেষত তেওঁৰ কথাৰেই- ‘ৰাজ্যে আছে দুটি পাথা, একটি কালো একটি চাদা, ৰাজ্যেৰ যদি ভালো চাও, দুইটি পাথা বলি দাও৷’

Tags: feature
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা
National-International

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026
50
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা
National-International

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

August 5, 2026
50
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026
50
NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি
National-International

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

August 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

August 5, 2026
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx