ডিফুত সুধাকণ্ঠৰ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি নথকাত আক্ষেপ জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াৰ
ASSAM TIMES POST
ডিফুঃ আজি ভাৰত চৰকাৰে অসমৰ গণশিল্পী, পদ্মশ্ৰী আৰু সুধাকণ্ঠ খ্যাত ড: ভূপেন হাজৰিকাক মৰণোত্তৰৰ বাবে ভাৰত চৰকাৰে ‘ভাৰতৰত্ন’ সম্মান প্ৰদান কৰাৰ পিছত ৰাজ্যচৰকাৰৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে কাৰবি জিলা প্ৰশাসনে ডিফুত সুধাকণ্ঠ গৰাকীলৈ জিলা উপায়ুক্ত কাৰ্যালয়ত সুধাকণ্ঠ গৰাকীৰ প্ৰাতিকৃতিত মাল্যাৰ্পণ, বন্তি প্ৰজলন আৰু পুষ্পাঞ্জলীৰে গভীৰ শ্ৰদ্ধা নিবেদন কৰে ৷

শ্ৰদ্ধাঞ্জলী কাৰ্যসুচীত ডিফুৰ জ্যেষ্ঠ নাগৰিক আৰু সুধী বৃন্দৰ উপস্থিতিত জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই ডিফুত সুধাকণ্ঠৰ প্ৰতিমূৰ্তি নথকাত আক্ষেপ প্ৰকাশ কৰি শীঘ্ৰে ডিফুত সুধাকণ্ঠৰ প্ৰতিমূৰ্তি নিৰ্মানৰ বাবে জনপ্ৰতিনিধি সকললৈ আহ্বান জনাই প্ৰস্তাব ৰাখে ৷ উপায়ুক্ত গৰাকীৰ প্ৰস্তাৱ উপস্থিত সকলোৱে সমৰ্থন কৰে ৷ ইয়াৰোপৰি জ্যেষ্ঠ নাগৰিক সকলে সুধাকণ্ঠৰ জীৱনৰ ওপৰত চমু ভাষণ প্ৰদান কৰে ৷













