![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ কুৰুৱাবাহীৰ বিশিষ্ট শিক্ষাবিদ কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক গোলোকচন্দ্ৰ বৰাৰ নতুন গ্ৰন্থ ‘স্বাস্থ্যবাৰ্তা : ডাক্তৰৰ পৰামৰ্শ’ নামৰ গ্ৰন্থখনি ৫ জুলাইত এক আধ্যাত্মিক পৰিবেশত প্ৰথম পৰঙনীয়া নামঘৰত উন্মোচন কৰা হয়।
বাৰ্ষিক কৰ্ম বৰসবাহ উপলক্ষ্যে অনুষ্টুপীয়াকৈ আয়োজন কৰা অনুষ্ঠানত গ্ৰন্থ খনৰ উন্মোচন কৰে নেপালীখুটি বনুৱা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই।
উন্মোচনত সহযোগিতা কৰে কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিনন্দ চন্দ্ৰ বৰুৱাই আৰু পৰঙনীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নতকুল শইকীয়াই। গ্ৰন্থ খনত তিনি শতাধিক স্বাস্থ্য বিধি আৰু ১০১ বিধ বনৌষধিৰ বিষয়ে বৰ্ণনা কৰা হৈছে।













