![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,বোকাখাত:
সাম্প্ৰতিক কৰ’ণাতংকৰ সময়ত সমাজৰ আন আন সকলৰ লগতে গোলাঘাট জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত আজি বোকাখাত নিৰ্মাণ গোটৰ অধীনত পৰিচালিত বোকাখাত শিশু গৃহ আৰু বোকাখাতস্থ উজনি অসম বিকলাংগ কেন্দ্ৰৰ আৱাসীসকললৈ সাংসদ গৌৰৱ গগৈৰ পৰামৰ্শ মতে খাদ্য সামগ্ৰীৰ লগতে কৰ’ণা প্ৰতিৰোধৰ বাবে মাস্ক বিতৰণ কৰা হয়।
গোলাঘাট জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী মিনতি দলেৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই বিতৰণ কাৰ্যসূচীত মাস্কৰ লগতে বিস্কুট, ব্ৰেডকে আদি কৰি সামান্য খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।
বিতৰণ কাৰ্যসূচীত অসম কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক পৰাগ শইকীয়া, গোলাঘাট জিলা মহিলা কংগ্ৰেছৰ সম্পাদিকাত্ৰয় ক্ৰমে জাহাজী দাস, মৃদুলা কামান আৰু মনালিছা পেগু, বোকাখাত ব্লক কংগ্ৰেছৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে ধৰ্মেশ্বৰ কুৰ্মী আৰু লক্ষী শইকীয়া, বোকাখাত টাউন মণ্ডল মহিলা কংগ্ৰেছৰ সভানেত্ৰী বীনা চেটীয়া আৰু গোলাঘাট জিলা মহিলা কংগ্ৰেছৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।













