![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,নগাঁও:
সাহিত্যাচাৰ্য মহিম বৰা অসমীয়া সাহিত্যৰ মহীৰূহ সদৃশ আছিল। তেওঁ অসম সাহিত্য সভাৰ পিতামহ সদৃশ আছিল। এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড: পৰমানন্দ ৰাজবংশীৰ।
আজি নগাঁও মহাবিদ্যালয়ৰ শংকৰদেৱ সাহিত্য চৰা আৰু অসমীয়া বিভাগৰ উদ্যোগত সাহিত্যচাৰ্য মহিম বৰাৰ ৯৭ সংখ্যক জন্ম দিনৰ লগত সংগতি ৰাখি অসমীয়া চুটি গল্পৰ মনস্তত্ব শীৰ্ষক আলোচনা চক্ৰ মুকলি কৰি দিয়া ভাষণত ড: ৰাজবংশীয়ে কয় যে মহিম বৰা অসম সাহিত্য সভাৰ সভাপতি হৈ থকাৰ সময়তে এখন বহু ভাষিক অভিধান প্ৰনয়ন কৰাৰ সপোন আছিল।

তেওঁৰ কাৰ্যকালত সেয়া বাস্তৱ হৈ নুঠিল যদিও এতিয়া অসম সাহিত্য সভাই এই কাম আগবঢ়াই লৈ গৈছে। ড: ৰাজবংশীয়ে আৰু কয় যে মহিম বৰাই গল্প আৰু কবিতাত সমানে প্ৰতিভাৰ স্বাক্ষৰ ৰাখি থৈ গৈছে। অনলাইন যোগে হোৱা এই আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি বিশিষ্ট গল্পকাৰ ডাঃ অপূৰ্ব কুমাৰ শইকীয়াই কয় যে সাহিত্যলৈ মনস্তত্ত্ব সোমাবই ৷
ই সজ্ঞানে সোমাব পাৰে বা নিৰ্জ্ঞানে৷ ছেক্সপিয়েৰৰ হেমলেটত যি উভয়সংকটৰ কথা বৰ্ণোৱা হৈছে সেই হেমলেটীয় উভয়সংকটৰ গুৰিতে মনস্তত্ত্বৰ ইডিপাছ কম্প্লেক্স বা পাৰ্চিকিউছন কম্প্লেক্স ( সামাজিক শত্ৰুভীতি ) জড়িত হৈ আছে৷ ফ্ৰয়েডৰ ধাৰণা মতে মানুহ এটি একক উপস্থিতি নহয় ,ই এক বহুধাবিভক্ত স্থিতি ৷
মহিম বৰাৰ কাঠনিবাৰী ঘাট গল্পৰ শেষৰছোৱাত অস্তগামী বেলিৰ লগত নায়িকাৰ কপালৰ সেন্দুৰৰ যি চিত্ৰকল্প ব্যৱহাৰ কৰা হৈছে তাতো মনস্তত্ত্বৰ সূত্ৰ নিহিত হৈ আছে৷ আলোচনা চক্ৰখন সঞ্চালনা কৰি দিয়া ভাষণত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে কয় যে মহিম বৰাৰ কবিতাৰ মননশীলতা আৰু গল্পত থকা গ্ৰামীণ চৰিত্ৰৰ চিত্ৰায়ন অসমীয়া সাহিত্যত বিৰল।
মহিম বৰাৰ কবিতাত মৃত্যু চেতনা সম্পৰ্কে স্পষ্টভাবে প্ৰতিফলিত হৈছে। মানৱ জাতিৰ প্ৰতি অহা সাম্ভাব্য বিপদৰ কথাও তেওঁৰ কবিতাৰ জৰিয়তে প্ৰকাশ পাইছে।
ড:বৰকটকীয়ে লগতে কয় যে মহিম বৰা নগাঁও মহাবিদ্যালয়ৰ প্ৰথমটো দলৰ ছাত্ৰ আছিল। তেওঁ এই কলেজত অধ্যাপনাও কৰিছিল। মহিম বৰাৰ সৃষ্টি, সাহিত্য কৰ্ম, নগাঁও কলেজৰ প্ৰতিটো কোঠা দুৱাৰ খিৰিকীত সজীৱ হৈ আছে।
এই আলোচনা চক্ৰত অসম সাহিত্যসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, মহাবিদ্যালয় খনৰ অধ্যাপক দীপক কুমাৰ বৰা, ড: ভূবন চুটিয়া, ড: সঞ্জয় দে আদিৰ লগতে মহাবিদ্যালয় খনৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে ড: শইকীয়াৰ সৈতে মত বিনিময় কৰে। আলোচনা চক্ৰৰ পূৰ্বে পুৱা মহিম বৰাৰ প্ৰতিমূৰ্তিৰ ওচৰত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।
এই অনুষ্ঠানত অধ্যক্ষ ড: শৰৎ বৰকটকী, উপাধ্যক্ষ ড:ৰঞ্জন ভৰালী, শংকৰদেৱ সাহিত্য চৰাৰ সভাপতি ড: ভূবন চুটিয়া, সম্পাদিকা কৰবী দেবী, অধ্যাপক মানস নিৰ্মলীয়া, মহিম বৰাৰ পৰিয়ালৰ নৱনীতা বৰা, প্ৰাক্তন ছাত্ৰী নিজৰা শইকীয়াৰ লগতে অধ্যাপক কৰ্মচাৰী আদিয়ে অংশ গ্ৰহণ কৰে। ইফালে নগাঁও জিলা সাহিত্য সভাই Whatsapp যোগে মহিম বৰাৰ কবিতাৰ এক অনুষ্ঠান অনুষ্ঠিত কৰে বুলি জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই জানিবলৈ দিছে।













