বিশেষ প্ৰতিবেদন:
লকডাউনৰ মাজত সকলোৱে গৃহবন্দী। বন্দী দশাত সময় কটাবলৈ সকলোৱেই বিনোদনৰ উপাদান বিচাৰি লৈছে। এই সময়তেই বলি তাৰকাসকলৰ পুৰণি ভিডিঅ, গচিপ, ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। ৰিলৰ পৰা ৰিয়েল, তাৰকাসকলৰ সকলোৱে যেন গচিপেৰে ভৰা। বলিউডৰ অন্যতম জনপ্রিয় অভিনেত্রী ঐশ্বর্য ৰাই বচ্চনো আছেন সেই তালিকাত। বল্ড ফটোছুটৰ পৰা হৃতিকৰ সৈতে অন্তৰঙ্গতা, লিপ লকৰ পৰা ৰণবীৰ কাপুৰৰ সৈতে ঘনিষ্ঠতা সকলোতেই তেওঁ লাইমলাইট আছে।
‘ধুম ২’ ঐশ্বর্যৰ জীৱনত বহুলচর্চিত এখন ছবি। যিখন ছবিৰ বাবে সকলো সময়তেই লাইমলাইটত আছে ঐশ্বর্য ৰায় বচ্চন। এফালে অভিষেকৰ সৈতে বাগদান হৈ গৈছে আৰু সেই সময়তেই বলি অভিনেতা হৃত্বিক ৰোশনৰ সৈতে লিপ লকৰ দৃশ্য মাৰাত্মকভাবে ভাইৰেল হৈছিল।
‘অ্যায় দিল হ্যায় মুশকিল’ ছবিত প্রথমবাৰ অভিনয় কৰা দেখা গৈছিল ঐশ্বর্য ৰায় বচ্চন আৰু ৰণবীৰ কাপুৰক। এই ছবিতেই নিজতকৈ ৯ বছৰৰ সৰু ৰণবীৰ কাপুৰৰ সৈতে ঘনিষ্ঠ দৃশ্যত দেখা গৈছিল ঐশ্বর্যক।
ছবিৰ প্রচাৰৰ বাবেই এক ফটোছুট কৰা হৈছিল, য’ত ৰণবীৰ কাপুৰৰ সৈতে অন্তৰঙ্গ ঘনিষ্ঠ মুহূর্তত নজৰ কাঢ়িছিল বচ্চন বধূই।
ফটোছুটত ৰণবীৰৰ সৈতে ঐশ্বর্যৰ অন্তৰংগ কেমিস্ট্রিয়ে সকলোৰে নজৰ কাঢ়িছিল। ফটোছুটত ৰণবীৰ বহি থকা দেখা দেখা গৈছিল, আৰু ঐশ্বর্যক তেওঁৰ কোলাত শুই থকা দেখা যায়।
মা হোৱাৰ ৪ বছৰ পিছত ঐশ্বর্যৰ এই বল্ড অৱতাৰ দেখি সকলোৱেই হতবাক হৈছিল। নেটিজেনসকলে তাৰ ভূয়ষী প্রশংসা কৰিলেও বচ্চন বধূৰ এই হট অৱতাৰ দেখি অত্যন্ত ক্ষুব্ধ হৈছিল বচ্চন পৰিয়াল।
এফালে সাহসী ফটোছুট, আনফালে অন্তৰঙ্গ দৃশ্যত পুত্রবধূক দেখি খং চম্ভালিব নোৱাৰে বিগ বি অমিতাভেও। এক সাক্ষাৎকাৰত ৰণবীৰে জনাইছিল, অন্তরঙ্গ দৃশ্যৰ সময়ত মই লাজ পাইছিলোঁ।
ভয়ত হাত-ভৰি কঁপিছিল। মাজে মধ্যে ঐশ্বর্যক স্পর্শ কৰিবলৈও দ্বিধা হৈছিল। কিন্তু অভিনয়ৰ কাৰণে সেয়া কৰিবলৈ বাধ্য হৈছিলোঁ। পূৰ্বে এনে সাহসী চৰিত্রত ঐশ্বর্যক দেখা যোৱা নাছিল। ঐশ্বর্যৰ মতে, ক্রিপ্টটি আৰু সাহসী হোৱা উচিত আছিল।
২০০৬ চনত ‘ধুম ২’ ছবিত হৃত্বিকৰ বিপৰীতে লিপ লকৰ ছবি বিশ্বত ভাইৰেল হৈছিল। ঐশ্বর্যই নিজেও ভবা নাছিল এই দৃশ্যৰ বাবে তেওঁ ইমান সমালোচনাৰ মুখত পৰিব লাগিব।