ইংলেণ্ডৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ৷ যিহেতু দৰ্শক শূন্য ষ্টেডিয়ামত পুনৰ মানুহ ভৰি পৰিব৷ কাৰণ অহা সপ্তাহৰ পৰা পৰীক্ষামূলকভাৱে ষ্টেডিয়ামত দৰ্শক প্ৰৱেশৰ অনুমতি দিয়া হ’ব৷ এই কথা ঘোষণা কৰিছে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে৷ প্ৰধানমন্ত্ৰীজনে আগতে ঘোষণা কৰিছিল যে অহা অক্টোবৰৰ পৰা ইংলেণ্ডৰ ক্ৰীড়াক্ষেত্ৰ দৰ্শকৰ বাবে সম্পূৰ্ণ মুকলি কৰি দিয়া হ’ব ৷
তাৰ আগেয়ে পাইলট প্ৰজেক্ট হিচাপে অহা সপ্তাহত কেইখনমান ষ্টেডিয়াম তেওঁ খুলি দিবলৈ চাব ৷ ক্ৰিকেটক লৈয়ে এই প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ যিহেতু ২৬–২৭ জুলাইত ইংলেণ্ডত ঘৰুৱা ক্ৰিকেট আৰম্ভ হ’ব৷ তাত মেচ চাবলৈ অনুমতি পাব দৰ্শকে৷ ইয়াৰ লগতে বিশ্ব স্নুকাৰ চেম্পিয়নশ্বিপ, ঘোঁৰা দৌৰ আদি ইভেণ্টত দৰ্শকক প্ৰৱেশৰ অনুমতি দিব ৷
কিন্তু ইংলেণ্ডত সকলোতকৈ জনপ্ৰিয় খেল ফুটবল চাবলৈ এতিয়াও দৰ্শকক প্ৰৱেশৰ অনুমতি দিয়া নাই ৷ অহা সপ্তাহত কেতবোৰ খেলত দৰ্শক প্ৰৱেশৰ অনুমতি পালেও সকলো ক্ষেত্ৰতে সামাজিক দূৰত্ব মানি চলিব লাগিব৷ ষ্টেডিয়ামত মুঠ আসনৰ এক নিৰ্দিষ্ট শতাংশহে দৰ্শকৰ বাবে মুকলি থাকিব৷ দুজন দৰ্শকৰ মাজত ব্যৱধান থাকিব৷ মাস্ক, থাৰ্মেল স্ক্ৰীণিং বাধ্যতামূলক৷ ক’ৰোনা উপসৰ্গ থকা লোক ষ্টেডিয়ামত প্ৰৱেশ কৰিব নোৱাৰিব ৷
উল্লেখ্য যে ইংলেণ্ডত এতিয়াও ক’ৰোনা নিয়ন্ত্ৰণ হোৱা নাই৷ তাতে খেলৰ ক্ষেত্ৰত সামাজিক দূৰত্ব বজায় ৰখা সম্ভৱ নহয়৷ তাকে লৈ ইংলেণ্ডত বিভিন্ন মহলত আলোচনা হৈছে ৷