ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলং: ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত । চৌদিশে হোৱা বানৰ তাণ্ডৱত দ অঞ্চল সমুহৰ পৰা বনৰীয়া জীৱ জন্তু বোৰ পাহাৰীয়া তথা ওখ ঠাইলৈ ঢাপলি মেলে ।

নিশা হলেই খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি চলায় সন্ত্ৰাস।পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীৰ বিভিন্ন অঞ্চলত এজাক বনৰীয়া হাতীয়ে আজি কিছুদিন ধৰি ত্ৰাসৰ সৃস্তি কৰি আহিছে । বৃহস্পতি বাৰে নিশাও খেৰণীৰ ৱাটিজুৰত বনৰীয়া হাতীৰ জাকটোয়ে চলালে সন্ত্ৰাস।
খেতি-পথাৰ গচকী নষ্ট কৰাৰ লগতে বিপুল দাসৰ নামৰ লোকজনৰ বাসগৃহ, বয়বস্তু আদি ভাঙি লণ্ডভণ্ড। ভঁৰালত মজুত ৰখা ধান আদিও খায় তহিলং কৰে।













