ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : নেমুৰ বাকলি পেলাই দিয়ে নেকি? ৰ’ব জানি লওক ইয়াৰ মূল্য কিমান

ASSAM TIMES POST by ASSAM TIMES POST
August 8, 2020
Reading Time: 2 mins read
A A
0
স্বাস্থ্য : নেমুৰ বাকলি পেলাই দিয়ে নেকি? ৰ’ব জানি লওক ইয়াৰ মূল্য কিমান

logo new 2 | ASSAM TIMES POST

RELATED POSTS

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

স্বাস্থ্য প্ৰতিবেদন:

আমাৰ দেশত ভিটামিন-চিৰ সকলোতকৈ ভাল উৎস হিচাবে ধৰা হয় নেমুক। আৰু বিশ্বব্যাপী চলি থকা ক’ৰোনা ভাইৰাছ মহামাৰিৰ সময়ত স্বাস্থ্য বিশেষজ্ঞসকলেও বাৰম্বাৰ কৈ আহিছে বেছি মাত্ৰাত ভিটামিন চি গ্রহণ কৰিবলৈ। কিন্তু নেমুৰ ৰস বাহিৰ কৰাৰ পিছত তাৰ বাকলি পেলাই দিব নেকি? আপোনাৰ স্বাস্থ্য আৰু ত্বকৰ বাবে নেমুৰ বাকলি কিমান দৰকাৰী তাক জনাৰ পিছত আপুনি নিশ্চিতভাবে বাকলি পেলাই দিয়াৰ অভ্যাস সলনি কৰি পেলাব। আহক জানি লোৱা যাওক, নেমু আৰু বাকলিৰ উপকাৰিতা আৰু ব্যৱহাৰ সর্ম্পকে।

compressed hsde 1200x900 1 | ASSAM TIMES POST

পুষ্টি সৰবৰাহ

নেমুৰ ৰসৰ দৰে বাকলিতো আছে প্রচুৰ পৰিমাণে ভিটামিন, কেলচিয়াম, ফাইবাৰ, পটাচিয়াম, মেগনেচিয়াম আৰু বিটা কেৰটিন। এক কথাত ক’বলৈ গ’লে, ৰসতকৈও ইয়াৰ বাকলিয়ে প্রায় ৫ৰ পৰা ১০ গুণ বেছি পুষ্টি সৰবৰাহ কৰিব পাৰে। প্রায় ১০০ গ্রাম নেমুৰ বাকলিত ১৩৪ মিলিগ্রাম কেলচিয়াম, ১৬০ মিলিগ্রাম পটাচিয়াম, ১২৯ মিলিগ্রাম ভিটামিন-চি আৰু ১০.৬ গ্রাম ফাইবাৰ আছে।

হাড় মজবুত কৰে

আপোনাৰ হাড় মজবুত আৰু হাড়ৰ স্বাস্থ্যগত উন্নতি কৰিব পাৰে ভিটামিন-চি আৰু কেলচিয়ামে।নেমুৰ বাকলিত এই পুষ্টিসমূহে প্রদাহজনিত পলি আর্থ্রাইটিছ, অস্টিঅপোৰোছিছ, ৰিউমেটয়েড আর্থ্রাইটিছৰ দৰে ৰোগো প্রতিৰোধ কৰাত সহায় কৰে।

কেন্সাৰ প্রতিৰোধক

নেমুৰ ৰসৰ দৰে বাকলিও চাইট্রাছ বায়োফ্লাভোনয়েড সমৃদ্ধ। যিয়ে জাৰণ চাপৰ মাত্রা কমোৱাত উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰে। লগতে দেহৰ ভিতৰক ক্ষাৰীয় কৰি তোলে। নেমুৰ বাকলিয়ে কেন্সাৰো প্রতিৰোধ কৰিব পাৰে। নেমুৰ বাকলিয়ে দেহৰ ভিতৰত কেন্সাৰ কোষবোৰ বৃদ্ধি পোৱাৰ বিৰুদ্ধে যুঁজ কৰাৰ দৰে উপাদান লিমোনিন আৰু ছালভস্ট্রোল কিউ-৪০ সৰবৰাহ কৰি থাকে।

বেক্টেৰিয়া প্রতিৰোধ

ভিটামিন-চিৰ এন্টিবেক্টেৰিয়েল ক্ষমতাই নাড়ি-ভুঁড়ি/ অন্ত্রৰ ভিতৰত থকা কৃমি আৰু পৰজীৱী বীজাণু মাৰি পেলায়। ইয়াৰ উপৰি দেহৰ বিভিন্ন অঙ্গক বিভিন্ন বেক্টচেৰিয়াৰ সংক্রমণৰ পৰা ৰক্ষা কৰি থাকে।

কেনেদৰে খাব নেমুৰ বাকলি?

নেমুৰ পৰা বাকলি এৰুওৱাৰ পিছত ইয়াক আপুনি শুকাই ৰাখিব পাৰে, যাতে ইয়াক ভালেদৰে গুড়ি কৰিব পৰা যায়। বাকলি শুকোৱাৰ সহজ এটি উপায় হ’ল, অভেন ব্যৱহাৰ কৰি ২০০ ডিগ্রী ফাৰেনহাইট তাপমাত্রাত তাক ভাজাৰ দৰে কৰিব পাৰে আৰু তাৰ পিছত গুড়ি কৰি লওক। ইয়াৰ পিছত সেই গুড়ি বিভিন্ন ধৰণে প্রতিদিনৰ খাদ্য, পানীয়, অর্গেনিক চাহ বা চুপৰ লগত মিহলাই খাব পাৰে।

কিমান নিৰাপদ?

নেমুৰ বাকলি অক্সালেটৰ এক ডাঙৰ উৎস। দেহত প্রতিদিনে ৮০ মিলিগ্রামৰ বেছি অক্সালেট গ্রহণ কৰিলে কিডনি আৰু পিত্তথলিত পাথৰ সৃষ্টি কৰিব পাৰে। আৰু ১ চাহ চামুচ নেমুৰ বাকলিত প্রায় ২৫ মিলিগ্রাম অক্সালেট থাকিব পাৰে। সেয়ে, প্রতিদিনে সর্বাধিক ৩ চাহ চামুচৰ অধিক নেমুৰ বাকলি গ্রহণ কৰা উচিত নহয়।

peel s 650 082515045406 | ASSAM TIMES POST

ত্বকৰ যত্নত নেমুৰ বাকলি

খাদ্যৰ উপৰি ত্বকৰ বাবেও বেছ উপকাৰী নেমুৰ বাকলি। এক মুঠি নেমুৰ বাকলিৰ সৈতে ১-২ কাপ চেনি দি ভালদৰে পেস্ট তৈয়াৰ কৰক। ইয়াৰ পিছত আপোনাৰ ত্বক বা ছালৰ ধৰণ বিবেচনা কৰি তাত কেই ফোটামান অলিভ অইল মিহলাই লওক। তৈলাক্ত ত্বকতকৈ শুষ্ক ত্বকত বেছি তেল দি মিশ্রণটি তৈয়াৰ কৰিব লাগিব। মিশ্রণটি তৈয়াৰ কৰাৰ পিছত ভিজা ছালত আলসুৱাভাবে ঘঁহি ঘঁহি লগাই দিয়ক। এইবাৰ পৰিষ্কাৰ পানীৰে মুখখন ধুই পেলাওক। এই স্ক্রাব ব্যৱহাৰৰ ফলত আপোনাৰ ত্বক আৰু উজ্জ্বল দেখাব আৰু ত্বকৰ মৃত কোষবোৰক জীৱিত কৰি তুলিব। এই স্ক্রাবে শুকান ছালক নৰম কৰাত সহায় কৰিব। সপ্তাহত এবাৰ নেমুৰ বাকলিৰ স্ক্রাব লগাব পাৰে।

ফেস মাস্ক হিচাবে ব্যৱহাৰ

এক চিকুট নেমুৰ বাকলিৰ গুড়িৰ সৈতে ২ টেবুল চামুচ চাউলৰ গুড়ি মিহলাই লওক। এইবাৰ মিশ্রণটি ঠাণ্ডা গাখীৰেৰে ঘন পেস্ট তৈয়াৰ কৰক। ত্বকৰ মৃত কোষবোৰক জীৱিত কৰিবলৈ এই পেস্টটি মুখৰ ভিজা ছালত সমানভাবে মাখি দিয়ক। ১৫ মিনিট পিছত পৰিষ্কাৰ পানীৰে ভালদৰে ধুই পেলাওক। এই ফেচ পেকটিয়ে আপোনাৰ ত্বক-কোষক উজ্জ্বীৱিত কৰি তুলিব।

ভৰি ফটাৰ চিকিৎসা

এক কাপ নেমুৰ বাকলি গুড়ি কৰি লওক আৰু তাত পেট্রোলিয়াম জেলি দি মিশ্রণ তৈয়াৰ কৰক। এইবাৰ তৈয়াৰ কৰা পেষ্টটি ফটা ভৰিত লগাই দিয়ক। ইয়াৰ পিছত ভৰিত মোজা পিন্ধি লওক আৰু কোই ঘণ্টামান ৰাখক। ভৰি ধুই পেলোৱাৰ পিছত ভৰিৰ ছাল নৰম আৰু স্বাস্থ্যকৰ দেখাব।

নখ বগা কৰি ৰাখিবলৈ

যিসকলে নখ বিবর্ণ হৈ যোৱাৰ সমস্যাত ভুগিছে তেওঁলোকৰ বাবে নেমুৰ বাকলি বেছ উপকাৰী। এক মুঠি নেমুৰ বাকলি পেস্ট কৰি লওক আৰু তাক কেই মিনিটমানৰ বাবে বিবর্ণ নখবোৰত ব্যৱহাৰ কৰক। ইয়াৰ পিছত পানীৰে ধুই দিয়ক। এনে ধৰণৰ যত্নই আপোনাৰ নখবোৰৰ স্বাভাৱিক ৰং ঘূৰাই অনাত সহায় কৰিব।

সকলো ধৰণৰ পৰিচ্ছন্নতাত

বীজাণুমুক্ত কৰি ৰাখিবলৈ পৰিষ্কাৰক হিচাবেও নেমুৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। প্রথমে নেমুৰ বাকলিখিনি পানীত সিদ্ধ কৰি লওক আৰু চেকি লওক। এইবাৰ অ-বিষাক্ত ডিআইৱাই ক্লিনাৰ তৈয়াৰ কৰিবলৈ এই পানীৰ সৈতে প্রয়োজন মতে ভিনেগাৰ বা বেকিং ছডা মিহলাই লওক। ইয়াৰ পিছত এই পানীৰে ঘৰৰ আচবাবপত্র, মজিয়া আৰু অন্যান্য ব্যৱহার্য সামগ্ৰী পৰিষ্কাৰ কৰক। নেমুৰ বাকলিত থকা ৰাসায়নিক পদার্থবোৰৰ দাগ উঠাই পেলোৱাৰ ক্ষমতাও আছে।

দুর্গন্ধ দূৰ কৰিবলৈ

ফ্রিজ, বন্ধ ড্রয়াৰ কিম্বা ট্রাংক ইত্যাদিৰ ভিতৰত সৃষ্টি হোৱা দুর্গন্ধ দূৰ কৰিবলৈ নেমুৰ বাকলি বেছ কার্যকৰী। নেমুৰ বাকলিয়ে মাইক্রৱেভ, কাটাৰ বোর্ড আৰু অন্যান্য ব্যৱহার্য পাত্র পৰিষ্কাৰ কৰাৰ ক্ষেত্রত যাদুৰ দৰে কাম কৰি থাকে। বাটিৰ পানীত কেইটামান নেমুৰ বাকলি দি কিছু সময়ৰ বাবে মাইক্রৱেভৰ ভিতৰত ৰাখক। ই মাইক্রৱেভৰ ভিতৰৰ দুর্গন্ধক সতেজ গোন্ধলৈ পৰিণত কৰিব। আৰু কাটাৰ বোর্ডক জীবাণুমুক্ত কৰিবলৈ নেমুৰ বাকলিৰ সৈতে নিমখ মহলাই ঘঁহক। তাৰ পিছত ধুই পেলাওক।

পোক-পৰুৱা আঁতৰাবলৈ

ঘৰত পোক-পৰুৱাৰ উপদ্রৱ কমাবলৈ বিকল্প হ’ব পাৰে নেমুৰ বাকলিৰ ব্যৱহাৰ। বিশেষকৈ পিপৰা, পইতাচোৰা ইত্যাদিয়ে নেমুৰ গোন্ধ সহ্য কৰিব নোৱাৰে। গতিকে আপুনি আপোনাৰ ঘৰৰ চুকত বা য’ত পোক-পৰুৱাৰ উপদ্রৱ আছে তাত নেমুৰ বাকলি পেলাই ৰাখিব পাৰে। মহৰ দৰে পোকৰ পৰাও আপোনাৰ ছালক বচাব পাৰে নেমুৰ বাকলি ব্যৱহাৰে।

** আমাৰ স্বাস্থ্য প্ৰতিবেদন ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব৷
    লগতে আপোনালোকৰ পৰামৰ্শও জনাব ৷**

OUR MAIL: assamtimespost@gmail.com

Tags: Featured
Share4Tweet3Send

Related Posts

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx