নিউজ ডেস্কঃ
ক’ৰোনা সংক্রমণ ৰুধিবলৈ ২৪ মার্চত লকডাউনৰ সিদ্ধান্ত লৈছিল মোদি চৰকাৰে। তাৰ পিছত পাৰ হ’ল ছয়টা মাহ। অফিচ-কাছাৰী লাহে লাহে স্বাভাৱিক ছন্দলৈ ঘূৰি আহিলেও খোলা নাই স্কুল-কলেজ। আজি বৰ্তমান দেশত ক’ৰোনা আক্রান্তৰ সংখ্যাই ২০ লাখ অতিক্ৰম কৰিছে তেতিয়া স্কুল খোলাৰ সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে মোদি চৰকাৰ। অৱশ্যে পূৰ্বতকৈ স্কুলৰ নিয়ম সলনি হ’ব বহুখিনিয়েই। জানো আহক কি কি পদ্ধতিত স্কুল খুলিবলৈ আগবাঢ়িছে কেন্দ্র।
জানিব পৰা মতে, প্রথম পর্যায়ত দশমৰ পৰা দ্বাদশ শ্রেণীৰ পাঠদান আৰম্ভ হ’ব পাৰে। বিদ্যালয়ৰ কাজত প্রতিটো ক্ষেত্রতে কঠোৰভাবে মানি চলিব লাগিব সামাজিক দূৰত্ব। এটা শ্রেণী ভাঙি একাধিক শ্রেণীত বিভক্ত কৰি চলিব পাৰে পাঠদান। লগতে, কমাই অনা হ’ব বিদ্যালয়ত থকাৰ সময়ো। ৫-৬ ঘন্টাৰ সলনি এতিয়াৰ পৰা ২-৩ ঘন্টা থাকিব লাগিব বিদ্যালয়ত। একাধিক শ্বিফটত চলিব শিক্ষাদান।
বিদ্যালয় খোলাৰ দ্বিতীয় পৰ্যায়ত ষষ্ঠৰ পৰা নৱম শ্রেণীৰ পাঠদান আৰম্ভ হ’ব।
এই ক্ষেত্রতো একেই নিয়ম মানি চলিব শিক্ষাদান। ৩৩ শতাংশ ছাত্র, শিক্ষক আৰু শিক্ষাকর্মী লৈ চলিব বিদ্যালয়ৰ কাম।প্ৰাথমিক আৰু প্ৰাক-প্ৰাথমিক শিক্ষাৰ্থীৰ বাবে এতিয়াও সিদ্ধান্ত লোৱা নাই চৰকাৰে। ইতিমধ্যেই এই প্রস্তাৱিত সিদ্ধান্তৰ খচৰা পঠিয়াই দিয়া হৈছে ৰাজ্যসমূহলৈ। কিন্তু বিদ্যালয় খোলাৰ ক্ষেত্রত ৰাজ্যসমূহেই শেষ সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও জনাইছে মোদি চৰকাৰে।