ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : স্তনপান জীৱনদায়ীনী

ASSAM TIMES POST by ASSAM TIMES POST
August 9, 2020
Reading Time: 2 mins read
A A
0
স্বাস্থ্য : স্তনপান জীৱনদায়ীনী

logo new 2 | ASSAM TIMES POST
স্বাস্থ্য প্ৰতিবেদনঃ

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

মা হোৱাৰ পূৰ্বে যেনেদৰে এগৰাকী নাৰীয়ে এক দীর্ঘকালীন অভিজ্ঞতাৰ মাজেৰে যাবলগা হয়, সন্তান জন্মৰ পিছত সেই অভিজ্ঞতাৰ জোলোঙা আৰু সমৃদ্ধ হয়। পোষ্টপার্টেম পিৰিয়ডত অর্থাৎ সন্তান জন্মাৰ পিছত, মাতৃত্বৰ প্রথম পৰ্যায় স্তনপান কৰোৱা বা ব্রেষ্টফিডিং।

সদ্যোজাতৰ ৰোগ প্রতিৰোধ ক্ষমতা গঢ়ি তোলাৰ বাবে ব্রেষ্টমিল্কৰ বিকল্প নাই। তাৰ উপৰি মাতৃ আৰু সন্তানৰ আত্মিক সংযোগ গঢ়ি উঠে এই প্রক্রিয়াৰ মাজেদিয়ে। শিশুৰ ‘প্রাইম কেয়াৰগিভাৰ’ যে মাতৃয়েই, সেই বোধ শিশুৰ ভিতৰত সৃষ্টি হয় ব্রেষ্টফিডিঙৰ মাধ্যমেৰে।

need to boost your breast milk supply try these foods | ASSAM TIMES POST

বিগত সপ্তাহটো অর্থাৎ ১-৭ আগষ্ট উদযাপিত হয় ‘ৱর্ল্ড ব্রেষ্টফিডিং উইক’ হিচাপে। এই বছৰ এই সপ্তাহৰ থিম আছিল, ‘সুস্থ গ্রহৰ বাবে ব্রেষ্টফিডিঙক লৈ সচেতনতা গঢ়ি তোলা’। হু (ৱর্ল্ড হেলথ অর্গেনাইজেচন) আৰু ইউনিচেফে (ইউনাইটেড নেচনছ চিলড্রেনছ ফাণ্ড) একেলগে বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰক আহ্বান জনাইছে, মহিলাসকলে যেন দক্ষ ব্রেষ্টফিডিং কাউন্সেলিঙৰ সাহায্য পায়, তাক সুনিশ্চিত কৰাৰ বাবে।
সাধাৰণতে শিশুৰ ছয় মাহ বয়সলৈ কেৱল মাত্র ব্রেষ্টফিডিঙৰ পৰামর্শ দিয়ে চিকিৎসকসকলে। কিন্তু চাকৰিজীৱী মাতৃসকলৰ বাবে সেয়া বহু সময়ত সম্ভৱ নহয়। সেই ক্ষেত্রত অন্তত তিনি মাহ যেন এক্সক্লুছিভ ব্রেষ্টফিডিং কৰোৱা যায়, সেই দিশত নজৰ দিবলৈ কয় চিকিৎসকসকলে।
স্ত্রীৰোগ বিশেষজ্ঞ ডাঃ অভিনিবেশ চট্টোপধ্যায়ৰ মতে, ব্রেষ্টফিডিঙৰ ক্ষেত্রত কি কি সমস্যা সাধাৰণতে মহিলাসকলৰ হৈ থাকে :

30 Breast milk benefits 773868454 | ASSAM TIMES POST

• কলোষ্ট্ৰাম : নতুন মাতৃৰ স্তনৰ পৰা প্রথম তিনি-পাঁচ দিন ক্ষৰিত হয় কলোষ্ট্ৰাম, যি দেখিবলৈ গাখীৰৰ দৰে নহয়। কিন্তু শিশুৰ পুষ্টি আৰু শাৰীৰিক বৃদ্ধিৰ বাবে ই ইমানেই উপকাৰী যে সেয়ে ইয়াক কোৱা হয় ‘গ’ল্ড মিল্ক’। ডাঃ চট্টোপধ্যায়ে কয়, ‘‘অনেক মাতৃয়েই দুশ্চিন্তা কৰিবলৈ আৰম্ভ কৰে, যে তেওঁৰ ব্রেষ্টমিল্ক ঠিকমতে নিঃসৃত নহয়। সেয়ে প্রথমতেই কলোষ্ট্ৰামৰ বিষয়টো তেওঁলোকক বুজাই দিব লাগিব।’’

• স্তনবৃন্তক লৈ সমস্যা : বহু মহিলাৰ নিপল বা স্তনবৃন্ত ফ্লেট হয়। কাৰোবাৰ নিপল আকাৰত ডাঙৰ হোৱাত শিশুই ঠিকমতে চুহিব নোৱাৰে। আকৌ কাৰোবাৰ নিপল ইনভার্টেড হয়। তেওঁলোকৰ ক্ষেত্রত নিপল শিল্ড ব্যৱহাৰ কৰা হয়, যাতে শিশুই ঠিকমতে মাতৃৰ বুকুৰ গাখীৰ খাব পাৰে। প্রতিখন হস্পিটেলতেই আজিকালি লেকটেচনেল বিশেষজ্ঞ নাৰ্ছ থাকে, যিয়ে মাতৃসকলক এই বিষয়ত গাইড কৰে। আৰু এটি বিষয় এই ক্ষেত্রত মনত ৰখা খুব জৰুৰী।

ব্রেষ্টফিড কৰোৱাৰ সময়ত শিশুৰ নাক যেন ব্রেষ্টত চেপা খাই নাযায়। সেই ক্ষেত্রত তেওঁলোকৰ এছফিক্সিয়া বা শ্বাসৰোধ হৈ যোৱাৰ সম্ভাৱনা থাকে। মাতৃৰ স্তনবৃন্ত আৰু শিশুৰ নাক থাকিব লাগে একেটা লেভেলত। সেয়ে সতর্ক থকাৰ বাবে মাতৃসকল সেই সময়ত মোবাইলত ব্যস্ত নথকাই বাঞ্ছনীয় বুলি প্ৰকাশ কৰে চিকিৎসকসকলে। খুওৱাৰ পিছত শিশুৰ যাতে হিকতি উঠে, সেইটো চোৱাও ভীষণ জৰুৰী।

• কর্মৰতা মাতৃসকলৰ বাবে : ডাঃ চট্টোপধ্যায়ে জনোৱা মতে, মেটাৰনিটি পিৰিয়ডৰ পৰা ঘূৰি আহি সদ্য কামত যোগ দিয়া মাতৃসকলে তিনি-চাৰি ঘণ্টাৰ মূৰে মূৰে এক্সপ্রেছ কৰি ব্রেষ্টমিল্ক পেলাই দিব লাগে। কাৰণ ঘৰলৈ ঘূৰি আহি তেওঁলোকে যেতিয়া পুনৰ শিশুক গাখীৰ খুৱাব, তেতিয়া গাখীৰৰ যোগান থকাটো জৰুৰী। মিল্ক ছাপ্রেছ কৰাৰ ঔষধ দিলে গাখীৰৰ পৰিমাণ বহুখিনি কমি যায়।

• হাইজিন ৰক্ষা : ব্রেষ্টফিড কৰোৱাৰ পূৰ্বে আৰু পিছত মাতৃয়ে ব্রেষ্ট আৰু নিপল ভালদৰে পৰিষ্কা কৰি ৰাখিব লাগে। শিশুৰ শৰীৰৰ পক্ষে ক্ষতিকৰ নোহোৱা ক্রিম বা ময়শ্চাৰাইজ়াৰ লগালে ফটা নিপলৰ সমস্যাও কম হয়।

• ওজন কমায় : ব্রেষ্টফিড কৰোৱাৰ ডাঙৰ উপকাৰিতা, ইয়াৰ ফলত মাতৃৰ ওজন বহুখিনি কমিব পাৰে। শিশুৰ ব্রেষ্টফিডিঙৰ সময়ত এটি ব্রেষ্টৰ পৰা প্রায় ৫০০ কেলৰি বার্ন হয়।

• কেন্সাৰ প্রতিৰোধত : ব্রেষ্টফিড কৰালে ব্রেষ্ট কেন্সাৰ আৰু অভাৰিয়ান কেন্সাৰৰ সম্ভাৱনা কমে।
শৰীৰবৃত্তীয় সমস্যাৰ উপৰি প্রসৱ-পৰৱর্তী সময়ত মানসিক চাপ বাঢ়ি থাকে মাতৃসকলৰ। মনোৰোগ বিশেষজ্ঞ অভিৰুচি চট্টোপধ্যায়ে কয়, ‘‘বহু সময়ত কিছু বিশেষ ধৰণৰ ঔষধ খোৱাৰ বাবে বা কোনো অসুস্থতাৰ বাবে মাতৃয়ে হয়তো সন্তানক স্তনপান কৰাব নোৱাৰিব পাৰে। সেই ক্ষেত্রত অনুমান হয়, তেওঁলোক সম্পূর্ণ মাতৃ হ’ব নোৱাৰিলে। বিষয়টিক বিজ্ঞানমনস্কভাবে চোৱা উচিত।’’

মডেলিং, গ্লেমাৰ ইণ্ডাষ্ট্ৰীৰ সৈতে যুক্ত মহিলাসকল ‘বডি ইমেজ’ক লৈ দুশ্চিন্তাত থাকে। এই ক্ষেত্রত ব্যক্তিগত সিদ্ধান্ত এটি প্রশ্ন। কিন্তু ব্রেষ্টফিডিঙৰ উপকাৰিতা সম্পর্কে প্রত্যেকেই অৱগত হোৱাটো জৰুৰী। ডাঃ চট্টোপধ্যায়ৰ মতে, তেতিয়া মহিলাসকলক এক্সপ্রেছ মিল্ক খুওৱাৰ পৰামর্শ দিয়া হয়।
সাধাৰণতে সংক্রমিত মাতৃক (হেপাটাইটিছ বি আক্রান্ত) ব্রেষ্টফিড কৰাবলৈ বাৰণ কৰা হয়।

এপিলেপ্সিৰ ঔষধ যিসকলে খায় বা অন্য কোনো মুড ডিজঅর্ডাৰৰ, তেওঁলোকৰ ক্ষেত্রতো ব্রেষ্টফিড কৰোৱাটো ৰিস্কপূর্ণ। সেয়ে এই ধৰণৰ সমস্যাত চিকিৎসকৰ পৰামর্শ লোৱা জৰুৰী।
ব্রেষ্টমিল্কৰ পৰা শিশুৰ যদি এলার্জি হয় বা লেকটোজ ইনটলাৰেন্স হৈ থাকে, তেতিয়া চিকিতসকৰ পৰামর্শ লোৱাটো জৰুৰী।

প্রসৱ-পৰৱর্তী সময়ত ডায়েট:

superfoods to have after pregnancy min | ASSAM TIMES POST

যিসকল মহিলাই ব্রেষ্টফিড কৰায়, তেওঁলোকৰ ডায়েট কিন্তু এগৰাকী গৰ্ভৱতী মহিলাৰ ডায়েটৰ দৰে নহ’ব। ডায়েটিচিয়ান কয়েল পাল চৌধুৰীৰ মতে, ‘‘যদি কোনো মাতৃ এই সময়ত নিৰামিষভোজী হয়, তেওঁ জিঙ্ক আৰু আয়ৰনৰ সৰবৰাহৰ বাবে ড্রাই ফ্রুইটছ, ড্রাই বিনছ, বাদাম আৰু ডেইৰী প্রডাক্ট খোৱাটো খুব জৰুৰী।’’ শিশুৰ শৰীৰত বি ভিটামিনৰ অভাৱ নঘটিবলৈ ভিটামিন বি-১২ ছাপ্লিমেন্ট লোৱাটো জৰুৰী।

যি মাতৃৰ খোৱাত বাচ-বিচাৰ নাই, তেওঁলোকৰ ডায়েটত উচ্চ প্রটিন, ওমেগা থ্রি, ভিটামিন চি, কেলচিয়াম, জিঙ্ক আৰু মেগনেছিয়ামৰ বেলেন্স ঠিক ৰাখিব লাগিব। তাৰ উপৰি প্রছেচড ফুড, কফি, চাহ, এলকহল, চকলেট, বেছি মচলা দিয়া খাদ্য নোখোৱাই ভাল।

শিশুৰ সঠিক বয়স পর্যন্ত স্তনপান কৰোৱা যেনেদৰে জৰুৰী, তেনেদৰেই কেতিয়াবা অন্য খাদ্যত অভ্যস্ত কৰাবও লাগিব, সেইটো নিশ্চিত কৰাটো মাকৰ দায়িত্ব। কাৰণ দুই-তিনি বছৰ বয়স পর্যন্ত শিশুক ব্রেষ্টফিড কৰালে ব্রেষ্টমিল্কৰ ওপৰত নির্ভৰশীলতা বাঢ়ি থাকে। ডাঃ অভিৰুচিৰ মতে, ‘‘তেনে ক্ষেত্রত মাতৃ আৰু শিশু দুয়োৰেই সমস্যা হয়। বিশেষকৈ, দ্বিতীয় সন্তান আহিলে দুই সন্তানৰ মাজত ঈর্ষা ভাব বাঢ়ি থাকে।’’ সেয়ে দুইবছৰ পর্যন্ত ব্রেষ্টফিড কৰালে শিশুৰ বৃদ্ধিত উপকাৰ নহয়, উপৰঞ্চি মাতৃৰ শৰীৰত কেলচিয়ামৰ মাত্রা কমি থাকে।

স্তনপান কৰোৱাৰ মাজেৰেই শিশুৰ শাৰীৰিক আৰু মানসিক সুস্থতা গঢ়ি তোলাৰ দায়িত্ব মাতৃৰেই।

** আমাৰ স্বাস্থ্য প্ৰতিবেদন ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব৷
    লগতে আপোনালোকৰ পৰামৰ্শও জনাব ৷**

OUR MAIL ADS: assamtimespost@gmail.com

Tags: Featured
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx