ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : হাৰ্বেল টী বা ভেষজ চাহৰ কি গুণাগুণ? কেতিয়া খাব, কেনেদৰে বনাব?

ASSAM TIMES POST by ASSAM TIMES POST
August 20, 2020
Reading Time: 2 mins read
A A
0
স্বাস্থ্য : হাৰ্বেল টী বা ভেষজ চাহৰ কি গুণাগুণ? কেতিয়া খাব, কেনেদৰে বনাব?

logo new 2 1 | ASSAM TIMES POST
স্বাস্থ্য প্ৰতিবেদনঃ

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

নানা ধৰণৰ হাৰ্বেল টী বা ভেষজ চাহ বজাৰত পোৱা যায়। কিন্তু সেইবোৰতকৈ ঘৰুৱা সতেজ উপাদানেৰে নিজে তৈয়াৰ কৰি ল’লে বেছি উপকাৰ পোৱা যায়। কিন্তু সকলো চাহ সকলোৱে খাব পাৰেনে? কোনবিধ চাহ কেতিয়া খাব? কেনেদৰে খোৱা উচিত ভেষজ চাহ? আহক কিছু জানি লওঁ :

Phyto Force Blog1 870x580 1 | ASSAM TIMES POST

তুলসী চাহ

একবাটি পানীত একমুঠা তুলসী পাত উতলাওক। টগবগাই উতলিলে জুই কমাই ১০ মিনিট উতলাওক। ইয়াৰ পিছত তাত মহলাওক এক চামুচ মৌ আৰু দুই চামুচ নেমুৰ ৰস। মৌয়ে দিব শক্তি, নেমুৰ ভিটামিন চি ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱা কামত লাগিব। আৰু তুলসীৰ প্রভাৱত জ্বৰ-চর্দি-কাহৰ প্রকোপ কমাব।

নিয়মিত খালে প্রদাহৰ প্রবণতা কমিব, বাঢ়িব ৰোগ প্রতিৰাধ ক্ষমতা।শুকান কাহৰ প্রকোপ কমাব বিচাৰিলে ইয়াত ধনীয়া আৰু আদা মিহলাই লওক। প্রদাহৰ প্রবণতাও কমিব তাৰ ফলত। কেনেদৰে তৈয়াৰ কৰিব?
এক লিটাৰ পানীত দুই চামুচ আদা চেপি, চাৰি চামুচ ধনীয়া আৰু একমুঠা তুলসীৰ পাত দি কম তাপত ভালকৈ উতলাওক, যেতিয়ালৈকে পানী আধা হৈ নাযায়। এইবাৰ চেকি লৈ মৌ আৰু আদা মিহলাই খাওক।

aa Cover 88su0qa2io1hoakqr8retegc00 20180323081232.Medi | ASSAM TIMES POST

অৱশ্যে কেইটামান বিশেষ ক্ষেত্রত এই চাহ নোখোৱাই ভাল। যেনে-

• গর্ভাৱস্থাত নিয়মিত নাখাব। কাৰণ তুলসীত আছে এস্ট্রাজল যিয়ে জৰায়ুৰ সংকোচন বঢ়াব পাৰে।

• ডায়েবেটিছৰ ঔষধ খালে বা ইনছুলিন ল’লে নিয়মিত খোৱাৰ আগতে বিশেষজ্ঞৰ লগত আলোচনা কৰি ল’ব। কাৰণ তুলসীয়ে ৰক্তত ছুগাৰৰ মাত্রা কমায় বুলি জনা যায়।

• ৰক্ত পাতল কৰি ৰখাৰ ঔষধ খালেও সাৱধান। কাৰণ তুলসীয়েও ৰক্ত পাতল কৰি ৰাখে।

• বিশ্ব স্বাস্থ্য সংস্থাই সম্প্রতি জনাইছে, যিসকলে নিয়মিত এচিটামিনোফেন জাতীয় বিষৰ ঔষধ খাবলগা হয়, তেওঁলোকে তুলসী খোৱাৰ পূৰ্বে দুবাৰমান ভাবিব। কাৰণ দুয়োৰে মিলিত প্রভাৱত লিভাৰৰ কিছু ক্ষতি হ’ব পাৰে।

ডালচেনি চাহ

ডালচেনি, জালুক, নেমুৰ ৰস আৰু মৌৰেও বনাব পাৰে ভেষজ চাহ। এক চামুচ ডালচেনিৰ গুড়া, পৰিমাণ মতে জালুকৰ গুড়া, এক চামুচ নেমুৰ ৰস আৰু এক চামুচ মৌৰ লগত এক কাপ উতলা পানী দি ভালকৈ মিহলাই চেকি লওক। ডালচেনিৰ কুমাৰিন, জালুকৰ পিপাৰিনে প্রদাহৰ প্রবণতা কমাব, বৃদ্ধি কৰিব ৰোগ প্রতিৰোধ ক্ষমতা। নেমুৰ ভিটামিন চিৰ কামো একেটাই। লগত যুক্ত হ’ব মৌৰ শক্তি। কিন্তু কুমাৰিন বেছি খোৱাটো ঠিক নহয়। লিভাৰৰ ক্ষতি হ’ব পাৰে। আনহাতে ছুগাৰ কমাবৰ বাবে যিসকলে ডায়েবেটিছৰ ঔষধ খাই আছে, তেওঁলোকে চাই-বুজি খাব।

অশ্বগন্ধা চাহ

প্ৰতিদিনে পুৱা বা বিয়লি এক কাপ অশ্বগন্ধাৰ চাহ খাব পাৰে। এক কাপ উতলা পানীত এক চাহ চামুচ অশ্বগন্ধা মূলৰ গুড়ি দি ১০-১৫ মিনিট ঢাকি ৰাখক। চেকি নেমুৰ ৰস আৰু মৌ দি খাওক। ইয়াৰ ফলত ৰোগ প্রতিৰোধ ক্ষমতা বঢ়াৰ উপৰি প্রদাহৰ প্রবণতা কমিব। অশ্বগন্ধাৰ বীজাণুনাশক গুণে আছে। ইয়াৰ ফলত কমিব মানসিক চাপ-অৱসাদ আৰু বয়সজনিত ক্ষয়-ক্ষতিৰ হাৰ। ইন্ডিয়ান জার্নেল অব ছাইকল’জিকেল মেডিচিনত প্রকাশিত এক প্রবন্ধত বিজ্ঞানীসকলে জনাইছে এই চাহ খালে খুব সহজতে সতেজ হ’ব পৰা যায়।
গাখীৰ চাহৰ ভক্ত হ’লে পানীৰ সলনি উতলা গাখীৰত অশ্বগন্ধাৰ গুড়া মিহলাইও চাহ বনাব পাৰে। তাত ইলাচি বা আদা মিহলোৱাতো কোনো বাধা নাই। কিন্তু চেনিৰ সলনি মৌ মিহলালে উপকাৰ বেছিকৈ পাব।

আদা চাহ

এক চাহ চামুচ আদা চেপি, দুটা লং, এক ইঞ্চি ডালচেনি থেতৌলিয়াই দুই কাপ পানী দি উতলাওক। তাত দিয়ক ৩ ইঞ্চি গোল নেমুৰ বাকলি। কম জুইত ১৫ মিনিট উতলাওক। ডেৰ চামুচ মৌ মিহলাই খাওক। জ্বৰ-চর্দি-ডিঙিৰ বিষ সকলোৰে আৰাম পাব।

হালধি চাহ

আধা চামুচ কেঁচা হালধি বটা আৰু প্ৰয়োজন মতে জালুকৰ গুড়ি উতলা পানীত মিহলাওক। ইয়াত মিশ্ৰণ কৰক এটা গোল নেমুৰ ৰস আৰু ডেৰ চামুচ মৌ। পুৱা-গধূলি খালে ইমিউনিটিৰ কাৰণে আৰু ভাবিব নালাগে।

পুদিনা চাহ

উতলা পানীত ৰ’জমেৰী। তাত দিয়ক ১০-১২টা পুদিনা পাত। দিয়াৰ পূৰ্বে অলপ থেতেলিয়াই দিব যাতে গোন্ধ সম্পূৰ্ণভাৱে বাহিৰ ওলায়। ১৫ মিনিট ঢাকি ৰাখক। তৈয়াৰ হ’ল পুদিনা চাহ।

** আমাৰ স্বাস্থ্য প্ৰতিবেদন ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব৷
    লগতে আপোনালোকৰ পৰামৰ্শও জনাব ৷**

OUR MAIL ID: assamtimespost@gmail.com

Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx