ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ পাৰ্বত্য জিলা পশ্চিম কাৰ্বিআংলঙৰ ডংকামোকামত শুক্ৰবাৰে কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ব খিলঞ্জীয়া দিৱস। পুৱা পতাকা উত্তোলনৰ পিছত কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখন ৰাজহুৱা সভা অনুস্থিত হয়।
https://youtu.be/ySHkUURjTFY
কাৰ্বি ছাত্ৰসন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চুৰেন হাঞ্চেয়ে সভাপতিত্ব কৰা সভা খনিত খিলঞ্জীয়া হিচাপে কাৰ্বি সকলৰ ভাষা,কৃষ্টি-সংস্কৃতিৰ উপৰত বিশেষ ভাৱে আলোচনা হয়। সভাত মূখ্য অতিথি হিচাপে অংশ গ্ৰহন কৰে কাৰ্বিপৰিষদৰ প্ৰাক্তন মূখ্য কাৰ্যবাহী সদস্য জৎচন বে’য়ে। লগতে উপস্থিত থাকে RTI কৰ্মী ৰামছিং ৰংপি, কাৰ্বি ছাত্ৰসন্থাৰ উপদেষ্টা ছেমচন ইনতিকে ধৰি বহু কেইজন গন্যমান্য লোক।













