ASSAM TIMES POST
ডিফুঃ যি সময়ত স্বচ্ছ ভাৰতৰ অভিযানক লৈ ডিফু চহৰে পোৱা স্বচ্ছ চহৰৰ খ্যাতি লাভ কৰিছে সেই একে সময়তে ডিফু চহৰৰ গাতে লাগি থকা এডোখৰ ঠাইৰ অস্বাস্থ্যকৰ আৰু কদৰ্যময় ৰূপক লৈ চৰ্চা লাভ কৰিছে ৷
আজি পুৱা ডিফু পৌৰ নিগমে সংগ্ৰহ কৰা জাৱৰ পেলোৱা স্থানকলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় একাংশ ৰাইজে৷ ডিফুৰ নাতি দূৰৈৰ ছৰছৰি নামৰ ঠাইত দীৰ্ঘদিনৰ পৰাই জাৱৰ পেলাই আহিছিল ডিফু নগৰ সমিতিয়ে ৷ উক্ত স্থানৰ মাজেৰে ডিফু-ধনশিৰিৰ ব্যস্ততম গড়কাপ্তানি পথ৷ এই গড়কাপ্তানি পথৰ ছৰছৰি এলেকাত দ’মে দ’মে জমা হোৱা জাৱৰে এলেকাটোত কদৰ্যময় আৰু দূৰ্গন্ধময় পৰিৱেশে স্থানীয় বাসিন্দাৰ জনস্বাস্থলৈ তীব্ৰ ভাবুকি স্বৰূপ হৈ পৰিছে৷
নৱগঠিত ডিফু পৌৰনিগমে ঘৰে ঘৰে জাৱৰ সংগ্ৰহ কৰিবলৈ আত্ম সহায়ক গোট সমূহলৈ প্ৰদান কৰা লঘু বাহন সমূহে সংগ্ৰহ কৰা জাৱৰ সমুহ ডিফু-ধনশিৰি পথৰ দুয়োকাষে নীতি বহিৰ্ভূত ভাবে পেলাই থকা কাৰ্যক লৈ জাঙুৰ খাই উঠে স্থানীয় বাসিন্দা ৷ প্ৰতিবাদকাৰী সকলে স্বতঃস্ফুৰ্ত ভাবে ৰাজপথলৈ ওলাই আহি উক্ত এলেকাত জাৱৰ পেলাবলৈ অহা ডিফু পৌৰ নিগমৰ গাড়ী সমূহক বাধা প্ৰদান কৰে৷
প্ৰতিবাদকাৰী সকলে সাংবাদিকৰ আগত কয় যে, ডিফু নগৰ সমিতিক বহু কাকুতি-মিনতি কৰাৰ পিছতো নগৰ সমিতিয়ে জনস্বাস্থ্যলৈ পিঠি দি নিয়মীয়া বাবে জাৱৰ সমূহ উক্ত স্থানত পেলাই আহিছে, উক্ত জাৱৰৰ দূৰ্গন্ধই পথচাৰী, গাড়ীৰ যাত্ৰী, চালক আৰু স্থানীয় ৰাইজক মুখ আৰু নাকত সোপা দি ৰাখিবলৈ বাধ্য কৰিছে৷
পূৰ্বে জাৱৰ সমূহ সামান্য ভিতৰৰ ফালে পেলোৱা হৈছিল যদিও বৰ্তমান জাৱৰ সমূহ পথৰ দুয়োকাষে দ’মে, দ’মে পেলাবলৈ ধৰিছে৷ সেয়ে স্থানীয় ৰাইজে উক্ত স্থানত জাৱৰ পেলোৱা বন্ধ কৰিবলৈ নৱগঠিত ডিফু পৌৰ নিগমৰ অধ্যক্ষ গৰাকীক আবেদন জনাইছে৷ এই সন্দৰ্ভত ডিফু পৌৰনিগমে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে৷












