নতুন শিল্পকৰ্মৰ সংৰক্ষণ আৰু মেৰামতিৰ অবিহনেই চলিছে সংগ্ৰহালয়টো
ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ এইয়া হামৰেণস্থিত পশ্চিম কাৰ্বি আংলং জিলাৰ একমাত্ৰ সংগ্ৰহালয়টো৷ সংগ্ৰহালয়টোত নাই কোনো নতুন শিল্পকৰ্ম বা নাই কোনো মেৰামতি৷ সংৰক্ষণৰ অভাৱত ধুলি-মাকতিৰে ভৰি পৰিছে সংগ্ৰহালয়টোৰ সামগ্ৰীসমূহ৷
প্ৰথমাৱস্থাত জিলা উপায়ুক্তৰ চৌহদত সংগ্ৰহালয়টো আছিল যদিও পূৰ্বৰ এ এছ ডি চি চৰকাৰৰ দিনত ১৯৯৬ চনত এই ঠাইলৈ স্থানান্তৰিত কৰা হৈছিল৷ তাৰপিছতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসনকালত এবাৰো সংগ্ৰহালয়টোলৈ দৃষ্টি নিক্ষেপ নকৰিলে চৰকাৰে৷
সেইবাবে সংগ্ৰহালয়টোত থকা সামগ্ৰীখিনিও এপদ-এপদকৈ উৱলি যাবলৈ ধৰিছে৷ বৰ্তমানৰ বিজেপি শাসিত চৰকাৰখনেও সংগ্ৰহালয়টোৰ সংৰক্ষণ আৰু মেৰামতিৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে৷
বিভাগীয় সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি সংৰক্ষণ আৰু মেৰামতিৰ বাবে ইতিমধ্যে পৰিষদখনে ৫ লাখ টকাৰ সাহাৰ্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে যদিও সেইয়া বাস্তৱত কিমান দূৰ সম্ভৱ হয় সেইয়াহে পৰবৰ্তী সময়ত লক্ষণীয় হ’ব৷












