ASSAM TIMES POST
বকলীয়াঘাট: কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰক্ষী থানাৰ অন্তৰ্গত ৰংকূটৰ কামিনী সৰকাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত চলি থকা সংস্কৃত টোলৰ প্ৰৱেশিকা পৰীক্ষাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাত যোৱা ৮ আগষ্টত দুৰ্বৃত্তই তিনিগৰাকী সাংবাদিকক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক কীৰেন্দ্ৰ সৰকাৰ আৰু ৰংকূটৰ জয়কান্ত সৰকাৰ নামৰ মূল আক্ৰমণকাৰীটোক কালি উত্তৰ বৰবিল আৰক্ষীয়ে সোধ পোছৰ বাবে আনি পিছত গ্ৰেপ্তাৰ কৰে৷ দুয়োকে আজি ডিফুলৈ প্ৰেৰণ কৰা হয়।













