ষ্টাফ ৰিপ’ৰ্টাৰ:
হোজাইত ভয়ংকৰ দূৰ্ঘটনা। আল্ট্ৰা বাছ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত নিহত হয় স্বামী-স্ত্ৰী। হোজাই জিলাৰ ডবকাত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আকাশীগংগাত হোৱা এই দূৰ্ঘটনাত নিহত হোৱা লোক চিতলমাৰীৰ সুমন চন্দ্ৰ বুলি জানিব পৰা গৈছে যদিও মহিলা গৰাকীৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই।
দুৰ্ঘটনাত পতিত হোৱা আল্ট্ৰা বাছখনৰ নম্বৰ হৈছে AS 09AC 2498 আৰু বাইকখনৰ নম্বৰ হৈছে AS 09G 1035। আল্ট্ৰা বাছখন নগাঁও অভিমুখে আহি থকাৰ বিপৰীতে মটৰ চাইকেলখন কাৰ্বি আংলং অভিমুখে গৈ আছিল৷ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা গছসমূহৰ বাবে সঘনাই অঞ্চলটোত দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ৷













