ASSAM TIMES POST
বকলীয়াঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰক্ষীয়ে আজি এক গোপন সূত্ৰৰ পম খেদি হাওৰাঘাটৰ এক বিশেষ স্থানত অভিযান চলাই ৫০, ২০০ আৰু ২০০০ টকীয়া কেইবাটাও বাণ্ডিলৰ লগতে জালনোট প্ৰস্তুত কৰোঁতে ব্যৱহাৰ হোৱা চিয়াঁহীকে ধৰি ভালেখিনি আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে৷ তদন্তৰ খাতিৰত আৰক্ষীয়ে অধিক তথ্য প্ৰকাশৰ পৰা বিৰত আছে৷ এই সন্দৰ্ভত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।













