ASSAM TIMES POST
ডিফুঃ সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত পৱিত্ৰ ঈদ-ঊল-আজহা উৎসৱ পালন কৰাৰ পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে৷ কাইলৈ পুৱা ৮-৩০ বজাত ঈদৰ নামাজ সমপন্ন কৰা হ’ব আৰু আলহাজ মৌলানা গিয়াছ উদ্দিন কাছিমীয়ে ঈদৰ নামাজৰ ঈমামতি কৰিব বুলি ডিফু মছজিদ কমিটিৰ সাধাৰণ সম্পাদক মজাহাৰুল ইছলামৰ পৰা জানিব পৰা গৈছে ৷
ত্যাগৰ উৎসৱ পৱিত্ৰ ঈদ- উল ফিতৰৰ প্ৰাকক্ষণত ডিফু চহৰৰ প্ৰতিখন ইছলাম ধৰ্মালম্বী লোকৰ ঘৰত আনন্দ উল্লাসময় পৰিবেশ বিৰাজ কৰিছে ৷ ইঘৰে- সিঘৰক নিমন্ত্ৰণ দিয়াৰ পৰা আৰম্ভ কৰি পিঠাপনা, চেৱৈ, মিঠৈ আদি বনোৱাত ব্যস্ত হৈ পৰিছে ঘৰৰ গৃহিণী সকল ৷
কিন্তু দেওবাৰ দিনটো চহৰখনত ঈদৰ বজাৰ হলেও বজাৰ খনৰ কাপোৰ দোকান ৰ অধিকাংশই বন্ধ হৈ থকাত দৰিদ্ৰ জনসাধাৰণৰ ল’ৰা – ছোৱালীৰ কাৰণে নতুন সাজ – পোছাক কিনিবলৈ গৈ শলঠেকত পৰিছে গ্ৰাহক সকল ৷
এই সন্দৰ্ভত গ্ৰেটাৰ বজাৰ কমিটি ডিফুৰ সভাপতি বিৰেণ ৰংপিৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত সভাপতি গৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কয়যে, যিকোনো উৎসৱৰ আগদিনা বা তাৰ কেইদিনমান আগৰ পৰাই ডিফু বজাৰ খোলা ৰখাৰ নিৰ্দেশ প্ৰদান কৰা আছে, ঈদ- ঊল আজহাৰ বাবেও একে নিৰ্দেশ প্ৰযোজ্য আছে ৷ দোকানী সকলে নিজৰ ইচ্ছা অনুযায়ী দোকান বন্ধ ৰাখিলে তেওঁ একো কৰিব নোৱাৰে বুলি জনায় ৷













